জুহি চাওলাক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল ছলমান খানে! কিন্তু মানি নল’লে জুহিৰ পিতৃয়ে

News18 Assam | News18-Assam
Updated:May 9, 2020, 4:13 PM IST
জুহি চাওলাক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল ছলমান খানে! কিন্তু মানি নল’লে জুহিৰ পিতৃয়ে
১৯৯৫ চনত জয় চক্ৰৱৰ্তীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় জুহি চাওলা

১৯৯৫ চনত জয় চক্ৰৱৰ্তীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় জুহি চাওলা

  • Share this:
বলীউদৰ ভাইজান ছলমান খানৰ বিয়া কেতিয়া হ’ব? এতিয়া ছলমান খানৰ অনুৰাগীসকলেও অধীৰ অপেক্ষাৰে ৰৈ আছে ছলমান খানৰ বিয়াখনলৈ। বিভিন্ন সময়ত আনকি ছলমান খানে বহু কেইগৰাকী অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল। ঐশ্বৰ্য ৰায়, সংগীতা বিজলানী, সোমা আলী, কেটৰীণা কেঈফৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ছলমান খনৰ।

১৯৯০ চনত ছলমান খানে এগৰাকী অভিনেত্ৰীৰ সৈতে ঘৰ সঁজোৱাৰ সপোন দেখিছিল ছলমান খানে। কিন্তু ছলমানৰ সপোন যেন সপোন হৈয়ে থাকিল!



সেইসময়ত জুহি চাওলা আছিল সাফল্যৰ শিখৰত। বক্স অফিছত উপহাৰ দিছিল ইখনৰ পিছত সিখন হিট ছবি। গঢ়িছিল বহু ৰেকৰ্ড। তেনেসময়ত ছলমান খান নজনাকৈয়ে প্ৰেমত পৰিছিল জনপ্ৰিয় অভিনেত্ৰী জুহি চাওলাৰ। আনকি জুহিক বিয়া কৰাবলৈও বিচাৰিছিল ছলমানে। আনকি ছলমান খানে জুহিক বিয়া কৰোৱাৰ প্ৰস্তাৱ জুহিৰ দেউতাকৰ ওচৰতো দিছিল। কিন্তু জুহিৰ দেউতাকৰ পচন্দ নকৰিলে ছলমান খানক।



ছলমান খানে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো প্ৰতিবাৰতে জুহিৰ পিতৃ হৈছিল অমান্তি। পিছত ১৯৯৫ চনত জয় চক্ৰৱৰ্তীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় জুহি চাওলা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading