আলিয়া ভাটৰ সৈতে Kissing Scene থকা বাবেই ছলমানে এৰিলে ইনছা আল্লাহ!

News18-Assam
Updated:September 17, 2019, 11:36 AM IST
আলিয়া ভাটৰ সৈতে Kissing Scene থকা বাবেই ছলমানে এৰিলে ইনছা আল্লাহ!
ছলমান খানে এৰাৰ পিছত ছবিখনত শ্বাহৰুখ খান নাইবা ঋত্বিক ৰোশনক দেখা যোৱাৰ সম্ভাৱনা আছে যদিও এইপৰ্যন্ত স্পষ্ট হোৱা নাই।

ছলমান খানে এৰাৰ পিছত ছবিখনত শ্বাহৰুখ খান নাইবা ঋত্বিক ৰোশনক দেখা যোৱাৰ সম্ভাৱনা আছে যদিও এইপৰ্যন্ত স্পষ্ট হোৱা নাই।

  • News18 Assam
  • Last Updated: September 17, 2019, 11:36 AM IST
  • Share this:
ছলমান খান আৰু আলিয়া ভাট ‘ইনছা আল্লাহ’ চিনেমাখনত অভিনয় কৰাৰ কথা আছিল। ছলমান–আলিয়া যুটীক চোৱাৰ বাবে আগ্ৰহী হৈ আছিল দৰ্শকসকল। কিন্তু সকলোকে নিৰাশ কৰি ছলমান খানে এৰি দিলে ছবিখন। কোৱা হৈছিল যে ছলমান খানে আন কাৰণত ছবিখন এৰি দিছিল। কিন্তু এতিয়া এক কথা পোহৰলৈ আহিছে। ৰিপ’ৰ্ট অনুসৰি, ছবিখনত আলিয়াৰ সৈতে Kissing Scene থকা বাবেই অভিনয় নকৰাৰ সিদ্ধান্ত লৈছে ছলমানে।

Koimoiত প্ৰকাশিত ৰিপ’ৰ্ট মতে, ‘ইনছা আল্লাহ’ৰ স্ক্ৰীপ্ট অনুসৰি ছলমান আৰু আলিয়াৰ মাজত আছিল কিছু ‘লিপ লক’ দৃশ্য। কিন্তু ছলমানে খানে পৰ্দাত নকৰে এনে দৃশ্য। সেয়েহে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক এই দৃশ্য আঁতৰাবলৈ কৈছিল ছলমানে। কিন্তু পৰিচালকে সালসলনি কৰিবলৈ অস্বীকাৰ কৰাত ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লয় ছলমানে।

ছলমান খানে এৰাৰ পিছত ছবিখনত শ্বাহৰুখ খান নাইবা ঋত্বিক ৰোশনক দেখা যোৱাৰ সম্ভাৱনা আছে যদিও এইপৰ্যন্ত স্পষ্ট হোৱা নাই। এতিয়া এই ৰিপ’ৰ্ট কিমান সঁচা আৰু আলিয়া ভাটৰ বিপৰীতে কাক দেখা যায় সেয়া সময়তহে স্পষ্ট হ’ব।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

First published: September 16, 2019, 3:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি