ছলমান খানে বিপদ মাতি আনিছে অক্ষয় কুমাৰলৈ, হোলীত হ’ব ডাঙৰ ‘ধামাকা’!

News18 Assam | News18-Assam
Updated:February 26, 2020, 3:54 PM IST
ছলমান খানে বিপদ মাতি আনিছে অক্ষয় কুমাৰলৈ, হোলীত হ’ব ডাঙৰ ‘ধামাকা’!
দুয়োগৰাকী তাৰকাৰ ছবি দুখন মুক্তিৰ বাবে বহু সময় আছে যদিও দুয়ো নিজৰ ছবিৰ মাজৰ ‘সংঘাত’ দূৰ কৰিবলৈ মুক্তিৰ তাৰিখ অগা–পিছা কৰেনে নকৰে সেয়াহে লক্ষণীয় হ’ব।

দুয়োগৰাকী তাৰকাৰ ছবি দুখন মুক্তিৰ বাবে বহু সময় আছে যদিও দুয়ো নিজৰ ছবিৰ মাজৰ ‘সংঘাত’ দূৰ কৰিবলৈ মুক্তিৰ তাৰিখ অগা–পিছা কৰেনে নকৰে সেয়াহে লক্ষণীয় হ’ব।

  • Share this:
বৰ্তমান বলীউদৰ কেইবাখনো ছবিয়ে লাভ কৰিছে ব্যাপক চৰ্চা। এনে সময়তে চৰ্চালৈ আহিছে দুই ছুপাৰষ্টাৰৰ মাজৰ যুঁজ। এই যুঁজ বলীউদৰ ছলমান খান আৰু অক্ষয় কুমাৰৰ মাজত। দুয়োজন তাৰকাৰে আহিবলগা ছবিৰ যুঁজ দেখা যাব বক্স অফিচত। আমি ক’ব খুজিছো ছলমান খানৰ আহিবলগীয়া ছবি ‘ৰাধে : য়ুৰ ম’ষ্ট ৱাণ্টেড ভাই’ আৰু অক্ষয় কুমাৰৰ বহু প্ৰতীক্ষিত ছবি ‘লক্ষ্মী ব’ম্ব’ (Laxmmi Bomb)ৰ কথা।

খবৰ ওলাইছে যে ছলমান খানৰ ‘ৰাধে’ই বিপদ বঢ়াইছে অক্ষয় কুমাৰৰ। ডিএনএৰ ৰিপ’ৰ্ট অনুসৰি, ছবি নিৰ্মাতাই পূৰ্বেই ঘোষণা কৰিছিল যে ছলমান খানৰ ছবি ‘ৰাধে’ এই বৰ্ষত ঈদত মুক্তিলাভ কৰিব। গুৰুত্বপূৰ্ণ কথাটো হ’ল সেই তাৰিখতে অক্ষয় কুমাৰৰ ছবি লক্ষ্মী ব’ম্ব মুক্তি পোৱাৰ কথা।



সাধাৰণতে ঈদ উপলক্ষে মুক্তিলাভ কৰা ছলমানৰ ছবিয়ে অধিক উপাৰ্জন কৰে। ইমানেই নহয়, ছলমান খানৰ হোম প্ৰডাকচনত নিৰ্মিত এই ছবিখনৰ বিতৰণৰ দায়িত্ব ছলমান খানে য়শৰাজ ফিল্মছক প্ৰদান কৰিছে। লগতে ‘ৰাধে’ৰ এক দৰ্শনীয় টিজাৰ হোলীত মুকলি কৰাৰ পৰিকল্পনা আছে। দুয়োগৰাকী তাৰকাৰ ছবি দুখন মুক্তিৰ বাবে বহু সময় আছে যদিও দুয়ো নিজৰ ছবিৰ মাজৰ ‘সংঘাত’ দূৰ কৰিবলৈ মুক্তিৰ তাৰিখ অগা–পিছা কৰেনে নকৰে সেয়াহে লক্ষণীয় হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি