খং উঠিল ছলমান খানৰ, কাঢ়ি নিলে অনুৰাগীৰ মোবাইল ফোন, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 28, 2020, 4:10 PM IST
খং উঠিল ছলমান খানৰ, কাঢ়ি নিলে অনুৰাগীৰ মোবাইল ফোন, চাওক VIDEO
‘ৰাধে’ৰ শ্বুটিঙৰ বাবে আজি গোৱাত উপস্থিত হয় ছলমান খান। গোৱা বিমানবন্দৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়তে তেওঁৰ আগে আগে গৈ এজন অনুৰাগীয়ে ছেলফি লোৱাৰ চেষ্টা কৰিছিল।

‘ৰাধে’ৰ শ্বুটিঙৰ বাবে আজি গোৱাত উপস্থিত হয় ছলমান খান। গোৱা বিমানবন্দৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়তে তেওঁৰ আগে আগে গৈ এজন অনুৰাগীয়ে ছেলফি লোৱাৰ চেষ্টা কৰিছিল।

  • Share this:
বলীউদৰ ছুপাৰষ্টাৰ ছলমান খান বৰ্তমান ব্যস্ত আছে আহিবলগীয়া ছবি ‘ৰাধে’ৰ শ্বুটিঙত। ইয়াৰ মাজতে মঙলবাৰে গোৱা বিমানবন্দৰত দেখা গ’ল ছলমান খানৰ ‘দাবাং’ ৰূপ। এজন অনুৰাগীৰ কৰ্মকাণ্ডত খৰ্গহস্ত হৈ পৰে ছলমান খান। খঙতে অনুৰাগীজনৰ মোবাইল ফোনো কাঢ়ি নিয়ে ছলমান খানে। এই দৃশ্য বন্দী হয় সংবাদ মাধ্যমৰ কেমেৰাত।

‘ৰাধে’ৰ শ্বুটিঙৰ বাবে আজি গোৱাত উপস্থিত হয় ছলমান খান। গোৱা বিমানবন্দৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়তে তেওঁৰ আগে আগে গৈ এজন অনুৰাগীয়ে ছেলফি লোৱাৰ চেষ্টা কৰিছিল। কেইবাজনো অনুৰাগীয়ে ছলমানৰ পৰা অনুমতি লৈ ছেলফি লৈছিল আৰু ছলমানে বাধা দিয়া নাছিল। কিন্তু এই অনুৰাগীজনে কোনো অনুমতিও লোৱা নাছিল আৰু কোৱাও নাছিল। ছলমান খানৰ আগে আগে গৈ যুৱকজনে ছেলফি লোৱাৰ চেষ্টা চলায়। খঙতে ছলমান খানে অনুৰাগীজনৰ ফোনটো কাঢ়ি লয়।

চাওক ভিডিঅ’ :

আৰু চাওক
পৰৱৰ্তী বাতৰি