বিয়াৰ প্ৰতি মোৰ বিশ্বাস নাই, বিয়াক লৈ প্ৰথমবাৰলৈ ছলমান খানৰ স্পষ্ট উত্তৰ

শেহতীয়াকৈ বিয়াক লৈ ছলমান খানে স্পষ্ট কৰিলে নিজৰ স্থিতি।

news18assam
Updated:June 4, 2019, 6:45 PM IST
বিয়াৰ প্ৰতি মোৰ বিশ্বাস নাই, বিয়াক লৈ প্ৰথমবাৰলৈ ছলমান খানৰ স্পষ্ট উত্তৰ
শেহতীয়াকৈ বিয়াক লৈ ছলমান খানে স্পষ্ট কৰিলে নিজৰ স্থিতি।
news18assam
Updated: June 4, 2019, 6:45 PM IST
বলীউদৰ অভিনেতা ছলমান খানৰ বিয়াক লৈ সময়ে সময়ে চলি আহিছে ব্যাপক চৰ্চা। কি সংবাদ মাধ্যম, কি অনুৰাগী, কি যুৱক–যুৱতী সকলোৰে মনত এটাই প্ৰশ্ন – ছলমান খানে বিয়া কেতিয়া পাতিব? বিয়াক লৈ প্ৰশ্ন কৰিলেই ধেমালিৰ চলেৰে সেয়া এৰাই চলে ছলমানে। শেহতীয়াকৈ বিয়াক লৈ ছলমান খানে স্পষ্ট কৰিলে নিজৰ স্থিতি।

এক সাক্ষাৎকাৰত যেতিয়া ছলমান খানক তেওঁৰ বিয়াৰ বিষয়ে সোধা হৈছিল, তেতিয়া অভিনেতাগৰাকীয়ে কয় যে মোৰ বিয়াৰ ওপৰত কোনো ভৰসা নাই। বিয়া এতিয়া বিলুপ্ত হ’বলৈ লোৱা পৰম্পৰাৰ দৰে হৈ পৰিছে। সময়ৰ লগে লগে বিয়াৰ দৰে ‘কনচেপ্ট’ শেষ হৈ গৈ আছে। ছলমান খানৰ মতে, বিয়াতকৈ বন্ধুত্ব অধিক উত্তম যাৰ ওপৰত তেওঁ ভৰসা কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি