শীঘ্ৰে পিতৃ হ’ব ছলমান খান, কেনেকৈ?

পিতৃ হোৱাৰ চিন্তা–চৰ্চা চলাই আছে ছলমান খানে। আৰু ইয়াকে লৈ উত্ফুল্লিত হৈ পৰিছে ছলমানৰ অনুৰাগী

news18assam
Updated:May 10, 2019, 12:40 PM IST
শীঘ্ৰে পিতৃ হ’ব ছলমান খান, কেনেকৈ?
পিতৃ হোৱাৰ চিন্তা–চৰ্চা চলাই আছে ছলমান খানে। আৰু ইয়াকে লৈ উত্ফুল্লিত হৈ পৰিছে ছলমানৰ অনুৰাগী
news18assam
Updated: May 10, 2019, 12:40 PM IST
বলীউডৰ ভাইজান খ্যাত ছলমান খানৰ বিয়াক লৈ এতিয়াও অনিশ্চয়তা। পিছে ছলমান খান পিতৃ হ’ব বুলি বিয়পি পৰা এক খবৰে লগাইছে তোলপাৰ। এক সূত্ৰত প্ৰকাশ পাইছে যে সৰ’গেছীৰ জৰিয়তে পিতৃ হোৱাৰ চিন্তা–চৰ্চা চলাই আছে ছলমান খানে। আৰু ইয়াকে লৈ উত্ফুল্লিত হৈ পৰিছে ছলমানৰ অনুৰাগী, কিয়নো ছলমানৰ বিয়া তথা সন্তান হোৱাটো অধিৰ আগ্ৰহেৰে বাট চাই ৰৈছে অনুৰাগীয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কৰণ জহৰ, তুষাৰ কাপুৰ, আমিৰ খান, শ্বাহৰুখ খান, একতা কাপুৰ, ছানী লিয়নীয়ে সৰ’গেছীৰ জৰিয়তে সন্তান হোৱাৰ সুখ লভিছে। শিশু যে ছলমান খানৰ কিমান প্ৰিয় সেইটো হয়তো কোৱাৰ প্ৰয়োজন নাই, কিয়নো বিভিন্ন সময়ত শিশুৰ সৈতে খেল–ধেমালি কৰি সময় কটোৱা দেখা গৈছে ছলমানক।

আৰু চাওক পৰৱৰ্তী বাতৰি