உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • দক্ষিণৰ ছবি খিলাড়ীৰ teaserএ আকৰ্ষণ কৰিছে ছলমান খানক ! ছবিখনৰ মুক্তিৰ পূৰ্বেই ইয়াৰ হিন্দী ৰিমেক নিৰ্মাণৰ পৰিকল্পনা...

    দক্ষিণৰ ছবি খিলাড়ীৰ teaserএ আকৰ্ষণ কৰিছে ছলমান খানক ! ছবিখনৰ মুক্তিৰ পূৰ্বেই ইয়াৰ হিন্দী ৰিমেক নিৰ্মাণৰ পৰিকল্পনা...

    চুপাৰষ্টাৰ ছলমান খানে হিন্দী দক্ষিণৰ চুপাৰষ্টাৰ ৰবি তেজাৰ ছবি 'খিলাড়ী'ৰ পুনৰ নিৰ্মাণৰ Rights ক্ৰয় কৰিছে।

    চুপাৰষ্টাৰ ছলমান খানে হিন্দী দক্ষিণৰ চুপাৰষ্টাৰ ৰবি তেজাৰ ছবি 'খিলাড়ী'ৰ পুনৰ নিৰ্মাণৰ Rights ক্ৰয় কৰিছে।

    চুপাৰষ্টাৰ ছলমান খানে হিন্দী দক্ষিণৰ চুপাৰষ্টাৰ ৰবি তেজাৰ ছবি 'খিলাড়ী'ৰ পুনৰ নিৰ্মাণৰ Rights ক্ৰয় কৰিছে।

    • Share this:
    কোভিডৰ বাবেই অনলাইনৰ জৰিয়তে ঈদৰ সময়ত মুক্তি লাভ কৰা বলীউড মেগাষ্টাৰ ছলমান খানৰ 'ৰাধে: ইয়ৰ মোষ্ট ৱান্টেড ভাই'
    ছবিয়ে ইতিমধ্য়ে দৰ্শকৰ ব্যাপক প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

    ৰাধে ছবিৰ জনপ্ৰিয়তাৰ পিছতে সম্প্ৰতি ভাইজান ব্যস্ত হৈ পৰিছেতেওঁৰ কেইবাটাও আন প্ৰজেক্টত । যাৰ ভিতৰত আছে "দ্য ফাইনেল ট্ৰুথ", "কভি ঈদ কভি দেৱালী", "টাইগাৰ3" আৰু "কিক 2"ত । কিন্তু বলীউডৰ ছবিৰে মন নভৰা দাবাং খানে এইবাৰ দক্ষিণৰ ছবিৰো ৰিমেক কৰাৰ পৰিকল্পনা হাতত লৈছে ।

    সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বলীউডৰ ভাইজানে ছলমান খানে দক্ষিণৰ চুপাৰষ্টাৰ ৰবি তেজাৰ ছবি 'খিলাড়ী' (Khiladi)ৰ পুনৰ নিৰ্মাণ অৰ্থাত্ ৰিমেকৰ Rightsক্ৰয় কৰিছে। দক্ষিণৰ খিলাড়ী ছবিখনৰ পৰিচালনা কৰিছে ৰমেশ বাৰ্মাই আৰু অলপতে ছবিখনৰ টিজাৰ মুকলি কৰা হৈছিল। একচন-মনোৰঞ্জনেৰে পৰিপূৰ্ণ এই টিজাৰে ইতিমধ্যে যথেষ্ট সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে ।

    জানিব পৰা মতে এই টিজাৰে মন মোহিছে ভাইজানৰো, যাৰ বাবে চুপাৰষ্টাৰ গৰাকীয়ে পৰিচালক ৰমেশ বাৰ্মাক ছবিখন হিন্দীত পৰিচালনা কৰাৰ প্ৰস্তাৱ দিয়ে । অৱশ্যে ছবিখনৰ নিৰ্মাতাই ভাইজানৰ এই প্ৰস্তাৱ গ্ৰহণ কৰিছে নে নাই সেই বিষয়ে এতিয়ালৈকে জানিব পৰা যোৱা নাই।

    লক্ষ্যণীয় যে শেহতীয়াকৈ ছলমান খানে তেওঁৰ বিখ্যাত 'দাবাং' চৰিত্ৰ চুলবুল পাণ্ডেৰ এনিমেটেড সংস্কৰণৰ কথা ঘোষণা কৰিছিল। 'দাবাং: দ্য এনিমেটেড চিৰিজ'ত আৰক্ষী বিষয়া চুলবুল পাণ্ডেৰ দৈনন্দিন জীৱন দেখুওৱা হৈছে, যি চহৰখন সুৰক্ষিত ৰাখিবলৈ ভিন্ন দুষ্ট লোকৰ সন্মুখীন হ'বলগীয়া হয় । তেওঁৰ সৈতে সৰু ভায়েক মাখিও আছে, যি আৰক্ষী বাহিনীত নতুন আৰু প্ৰতিটো কঠিন পৰিস্থিতিত তেওঁৰ ডাঙৰ ভায়েকক অনুসৰণ কৰিবলৈ চেষ্টা কৰে।

    ইয়াৰ উপৰিও ছলমান খানক শ্বাহৰুখ খান অভিনীত 'পাঠান' ত কেমিঅ' কৰা দেখা যাব। ছবিখনত ছলমান খানৰ আকৰ্ষণীয় প্ৰৱেশৰ সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে ।
    Published by:Kokil Sarma
    First published: