‘চুলবুল পাণ্ডে’ৰ নতুন অৱতাৰ, মুকলি হ’ল ডাবাং-৩ ৰ অফিছিয়েল ট্ৰেইলাৰ

চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ২০ তাৰিখে সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব ছলমান খান অভিনীত ছবিখন

News18-Assam
Updated:October 23, 2019, 6:34 PM IST
‘চুলবুল পাণ্ডে’ৰ নতুন অৱতাৰ, মুকলি হ’ল ডাবাং-৩ ৰ অফিছিয়েল ট্ৰেইলাৰ
চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ২০ তাৰিখে সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব ছলমান খান অভিনীত ছবিখন
News18-Assam
Updated: October 23, 2019, 6:34 PM IST
ছলমান খানৰ ছবি মানেই বক্স অফিছত ছুপাৰহিট। চলিত বৰ্ষৰ বলীউড বক্স অফিচৰ সকলো অভিলেখ ভংগ কৰিবলৈ ডিচেম্বৰ মাহত ছবিগৃহলৈ আহি আছে ছলমান খান অভিনীত ডাবাং ফ্ৰেঞ্চাইজীৰ তৃতীয় সংস্কৰণ ডাবাং-৩! ছবিখনকলৈ এতিয়া  সকলোতে ব্যাপক চৰ্চা। বুধবাৰে মুকলি কৰা হয় ছবিখনৰ প্ৰথমটো অফিচিয়েল ট্ৰেইলাৰ। ছলমান খানৰ ‘চুলবুল পাণ্ডে’ৰ গেট আপে যে এইবাৰো ছলমানৰ অনুৰাগীক আকৰ্ষিত কৰিব সেই কথা স্পষ্ট হৈছে ছবিখনৰ ট্ৰেইলাৰটোতে।

আৰবাজ খানে প্ৰযোজনা কৰা ছবিখন পৰিচালনা কৰিছে প্ৰভু দেৱাই। ডাবাং-৩ ত ছলমান খানৰ উপৰিও অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহা, আৰবাজ খানৰ লগতে বহু ন–পুৰণি কলা কৌশলীয়ে।

চাওক ছবিখনৰ ট্ৰেইলাৰ

আৰু চাওক পৰৱৰ্তী বাতৰি