মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Salman Khan : ছলমান খানক বিমানবন্দৰৰ গেটত আগচি ধৰি বিপদত পৰিল CISF জোৱান! চাওক ভিডিঅ’

Salman Khan : ছলমান খানক বিমানবন্দৰৰ গেটত আগচি ধৰি বিপদত পৰিল CISF জোৱান! চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:August 24, 2021, 1:59 PM IST
Salman Khan : ছলমান খানক বিমানবন্দৰৰ গেটত আগচি ধৰি বিপদত পৰিল CISF জোৱান! চাওক ভিডিঅ’
‘টাইগাৰ ৩’ (Tiger 3) ছবিৰ শ্বুটিঙৰ বাবে ৰাছিয়ালৈ গৈছে ছলমান খান। যোৱাৰ পূৰ্বে মুম্বাই বিমানবন্দৰত ঘটিছিল এই ঘটনা।

‘টাইগাৰ ৩’ (Tiger 3) ছবিৰ শ্বুটিঙৰ বাবে ৰাছিয়ালৈ গৈছে ছলমান খান। যোৱাৰ পূৰ্বে মুম্বাই বিমানবন্দৰত ঘটিছিল এই ঘটনা।

  • Share this:
মুম্বাই বিমানবন্দৰত ছলমান খান (Salman Khan)ক আগচি ধৰিছিল এজন CISF জোৱানে। ইয়াৰ বাবে ইণ্টাৰনেট জগতত বহুতেই প্ৰশংসা কৰিছিল জোৱানজনক। কিন্তু ঘটনাৰ কিছুদিন পিছত বিপাঙত পৰিল সেই চিআইএছএফ জোৱান সোমনাথ মহান্তি। জব্দ কৰা হৈছে তেওঁৰ মোবাইল ফোন।

‘টাইগাৰ ৩’ (Tiger 3) ছবিৰ শ্বুটিঙৰ বাবে ৰাছিয়ালৈ গৈছে ছলমান খান। যোৱাৰ পূৰ্বে মুম্বাই বিমানবন্দৰত ঘটিছিল এই ঘটনা। ছলমান ৰাছিয়ালৈ ৰাওনা হোৱাৰ খবৰ পাই বিমানবন্দৰত ভিৰ কৰিছিল ফটো সাংবাদিকসকলে। আৰু তেওঁলোকৰ কেমেৰাৰ সন্মুখত প’জ দি আগবাঢ়িছিল ছলমান খান। কিন্তু অভিনেতাজনে বিমানবন্দৰৰ গেটত প্ৰৱেশ কৰাৰ নিৰাপত্তা বিধি ঠিকমতে পালন কৰিবলৈ পাহৰি গৈছিল। সেই সময়তে চিআইএছএফ জোৱানজনে ছলমান খানক আগচি ধৰি নিয়ম পালন কৰিবলৈ অনুৰোধ জনায়।

এই ঘটনাৰ পিছতে বিভিন্নজনৰ প্ৰশংসা লাভ কৰে সোমনাথ মহান্তিয়ে। বহুতেই ক’লে, বলীউদৰ নায়ক বুলি ছলমান খান নিয়মৰ ঊৰ্ধ্বত নহয়, সেয়া স্পষ্টকৈ বুজাই দিলে চি আই এছ এফ জোৱানজনে। কিন্তু এই ঘটনাৰ বাবে একপ্ৰকাৰ বিপদত পৰিল সোমনা। নিজৰ বিভাগৰে জেৰাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে জোৱানজন।




সূত্ৰ অনুসৰি, ইতিমধ্যে তেওঁৰ মোবাইল ফোন জব্দ কৰা হৈছে। যাতে তেওঁ সেই মোবাইলৰ পৰা সংবাদ মাধ্যমৰ সৈতে কথা পাতিব নোৱাৰে। ওড়িশাৰ বাসিন্দা সোমনাথ। মুম্বাই বিমানবন্দৰত নিৰাপত্তাৰ দায়িত্বত আছিল। ইতিমধ্যে তেওঁ কোনো সংবাদ মাধ্যমৰ সৈতে কথা পাতিছে নেকি সেই বিষয়টো পৰীক্ষা কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: August 24, 2021, 1:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি