বলীউদৰ চুলতান ছলমানক বক্স অফিচৰ ‘চুলতান’ বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব। শেহতীয়াকৈ মুক্তি পোৱা ছলমানৰ ‘ভাৰত’ ছবিখনে বক্স অফিচত খলকনি তুলি ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিলে। ইমানেই নহয়, এতিয়া ছলমান খান হ’লগৈ এনেকুৱা এগৰাকী তাৰকা, যিগৰাকীৰ আটাইতকৈ বেছি ছবি আছে ১০০ কোটিৰো অধিক উপাৰ্জন কৰাৰ তালিকাত। ট্ৰেড এনালিষ্ট তৰণ আদৰ্শৰ মতে, ৩০০ কোটিৰ ক্লাবত ছলমানৰ তিনিখন ছবি আছে। আনহাতে, ২০০ কোটিৰ ক্লাবত দুখন আৰু ১০০ কোটিৰ ক্লাবত আচে ছলমানৰ ৯খন ছবি। ছলমানৰ মুঠ ১৪খন ছবি আছে ১০০ কোটিৰ ক্লাবত। ‘ভাৰতে’ আৰম্ভণিৰে পৰা লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি। প্ৰথম দিনাই ৪২.৩০ কোটি উপাৰ্জন কৰে ‘ভাৰত’–এ। চাৰিদিনতে ছবিখনে পাৰ কৰিলে ১০০ কোটিৰ সীমা। ২০১৯ত মুক্তি পোৱা হিট ছবি কলংক, কেশৰী, গলী বয়ক পিছ পেলালে ‘ভাৰতে’।
As #Bharat cruises past ₹ 💯 cr mark today [Day 4], Salman Khan sets another benchmark: Highest number of films in ₹ 💯 cr+ Club... The tally rises to 14 with #Bharat... Breakup: ⭐️ ₹ 300 cr: 3 ⭐️ ₹ 200 cr: 2 ⭐️ ₹ 100 cr: 9 India biz.