অহা ৬ চেপ্তেম্বৰত মুক্তিলাভ কৰিব জুবিন গাৰ্গৰ বহু চৰ্চিত ছবি কাঞ্জনজংঘা। ছবিখনৰ প্ৰচাৰৰ বাবে ইতিমধ্যে দিন ৰাতি একাকাৰ কৰিছে জুবিন গাৰ্গৰ লগতে ছবি খনৰ সকলো কলা কৌশলীয়ে। কিন্তু এই মুহূৰ্তত ছবিখনৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে বাহুবলী খ্যাত দক্ষিণ ভাৰতীয় ছবিৰ অভিনেতা
প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰ অভিনীত বিগ বাজেটৰ দক্ষিণ ভাৰত–বলীউডৰ ছবি Saaho–এ!
কাইলৈ মুক্তিলাভ কৰিব Saaho–এ, কিন্তু তাৰ থিক এসপ্তাহৰ পিছতে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ ছবি কাঞ্জনজংঘা। Saaho ছবিখন যদি ভালদৰে চলি যায়, তেন্তে কাঞ্জনজংঘা ছবিখনত পৰিব ইয়াৰ প্ৰভাৱ।
অসমীয়া ছবিৰ প্ৰতি অসমীয়াৰ যি অনিহা,সেই দিশলৈ চাই Saaho ৰ সন্মুখত কাঞ্জনজংঘাই দৰ্শকৰ পৰা কিমান সঁহাৰি লাভ কৰিব সেয়া হ’ব লক্ষণীয়। লগতে ছবিগৃহৰ কৰ্তপক্ষয়ো ছবি দুখনৰ ক্ষেত্ৰত কি ভুমিকা পালন কৰে,সেয়াও হ’ব লক্ষণীয়!
এইবাৰ অসমীয়াই নিজৰ ছবিক গুৰুত্ব দিব নে, খন্তেকীয়া আৱেগ পাহৰি আকৌ এবাৰ বলীউড,দক্ষিণ ভাৰতীয় ছবিক আদৰিব, সেই লৈ এতিয়াৰ পৰাই চলিছে চৰ্চা!
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|