৬ ছেপ্তেম্বৰত মুক্তিপাব জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা
৬ ছেপ্তেম্বৰত মুক্তিপাব জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা
প্ৰথম তিনিদিনত বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰা দক্ষিণৰ অভিনেতা প্ৰভাস আৰু বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ অভিনীত Saaho ৰ বক্স অফিচত হঠাত্ আহিছে স্থবিৰতা।বহু দৰ্শকে ছবিখন চাই নিৰাশ মনে আধাতে ছবিগৃহ ত্যাগ কৰাও দেখিবলৈ পোৱা গৈছে।
৩৫০ কোটি টকাৰে নিৰ্মিত SAAHOৰ হিন্দী ভাৰ্ছনে পঞ্চমটো দিনতে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছিল। কিন্তু দুৰ্বল চিত্ৰনাট্য আৰু কাহিনীৰ ভাৰসাম্যহীনতাৰ বাবে Saaho প্ৰতি এতিয়া আকৰ্ষণ কমিছে দৰ্শকৰ। বৃহস্পতিবৰে ছবিখনৰ কালেকচনত দেখা গল ইয়াৰ প্ৰভাৱ।
৬ ছেপ্তেম্বৰত মুক্তিপাব জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা। ছবিখনক লৈ এতিয়া আশাবদী জুবিন গাৰ্গ। ছবিখনৰ প্ৰচাৰৰ বাবে এতিয়া দিন ৰাতি একাকাৰ কৰিছে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ ছবিৰ বাবে এতিয়া দৰ্শনী এৰিবলগীয়া হৈছে Saahoএ। কাইলৈৰ পৰা অসমত Saaho ৰ কালেকচন যে একেবাৰে নিম্নগামী হ’ব সেয়া প্ৰায় নিশ্চিত!
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|