বক্স অফিচত ফ্লপ হোৱাৰ দিশে Saaho!

দ্বিতীয় উইকেণ্ডত মাত্ৰ ১৪.৯৫ কোটি টকা ব্যৱসায় কৰিছে Saaho–এ

News18-Assam
Updated:September 10, 2019, 5:23 PM IST
বক্স অফিচত ফ্লপ হোৱাৰ দিশে Saaho!
Source-Google
News18-Assam
Updated: September 10, 2019, 5:23 PM IST
প্ৰথম তিনিদিনত বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰা দক্ষিণৰ অভিনেতা প্ৰভাস আৰু বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ অভিনীত Saaho ৰ বক্স অফিচত হঠাত্‍ আহিছে স্থবিৰতা।বহু দৰ্শকে ছবিখন চাই নিৰাশ মনে আধাতে ছবিগৃহ ত্যাগ কৰাও দেখিবলৈ পোৱা গৈছে।দ্বিতীয় সপ্তাহত ৮০% ৰ তললৈ নামিছে Saaho বক্স অফিছ কালেকচন।

ছবিখনৰ হিন্দী ভাৰ্চনে দ্বিতীয় উইকেণ্ডত মাত্ৰ ১৪.৯৫ কোটি টকা ব্যৱসায় কৰিছে। ছবি সমালোচন টৰন আদৰ্শৰ মতে মাল্টিপ্লেক্স সমূহত এতিয়া হোৰা হোৰে কমিছে Saaho ৰ বক্স অফিচ কালেকচন।

এতিয়ালৈকে Saaho ৰ হিন্দী ভাৰ্চনে ১৩০.৯৮ কোটি টকাৰ ব্যৱসায় কৰিছে। ১১ দিনত ছবিখনৰ বক্স অফিচ কালেকচন ৩.৫০ কোটি টকা হৈছে।

ছবিখনৰ মাজেট ৩৫০ কোটিৰ ওপৰত। গতিকে এতিয়া এনেদৰে ছবিখনৰ প্ৰতি মানুহৰ অনীহা অহাত এতিয়া ছবিখন ফ্লপ হোৱাৰ আশংকা কৰা হৈছে!
আৰু চাওক পৰৱৰ্তী বাতৰি