‘ছিম্বা’ত অভিনয়ৰ সুযোগ দিয়াৰ বাবে ৰোহিত শেট্টীক হাতযোৰ কৰিছিল ছাৰা আলী খানে’

News18-Assam
Updated:November 17, 2019, 8:12 AM IST
‘ছিম্বা’ত অভিনয়ৰ সুযোগ দিয়াৰ বাবে ৰোহিত শেট্টীক হাতযোৰ কৰিছিল ছাৰা আলী খানে’
মনীষ পালৰ টিভি শ্ব’ ‘মুভি মস্তি উইথ মনীষ পাল’ত ৰোহিত শেট্টী আৰু ছাৰা আলী খান উপস্থিত আছিল। কথাৰ মাজতে ৰোহিত শেট্টীয়ে ছাৰাৰ সংগ্ৰামৰ কাহিনী আৰম্ভ কৰে।

মনীষ পালৰ টিভি শ্ব’ ‘মুভি মস্তি উইথ মনীষ পাল’ত ৰোহিত শেট্টী আৰু ছাৰা আলী খান উপস্থিত আছিল। কথাৰ মাজতে ৰোহিত শেট্টীয়ে ছাৰাৰ সংগ্ৰামৰ কাহিনী আৰম্ভ কৰে।

  • Share this:
ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা আলী খানক ‘ছিম্বা’ ছবিৰ বাবে কেনেকৈ নিৰ্বাচন কৰা হৈছিল, ইয়াৰ আঁৰৰ কাহিনী পোহৰলৈ আহিছে। ছবি পৰিচালক ৰোহিত শেট্টীয়ে নিজেই এক টিভি শ্ব’ত এই কথা প্ৰকাশ কৰে। ৰোহিত শেট্টীয়ে কয় যে ছাৰা আলী খানে কামৰ বাবে কাৰ্যালয়লৈ আহি হাতযোৰ কৰিছিল।

মনীষ পালৰ টিভি শ্ব’ ‘মুভি মস্তি উইথ মনীষ পাল’ত ৰোহিত শেট্টী আৰু ছাৰা আলী খান উপস্থিত আছিল। কথাৰ মাজতে ৰোহিত শেট্টীয়ে ছাৰাৰ সংগ্ৰামৰ কাহিনী আৰম্ভ কৰে। ৰোহিত শেট্টীয়ে কয় – ‘মোলৈ এই ছোৱালীজনীৰ এছএমএছ আহি আছিল।’ ছাৰাই কয় যে তিনিবাৰ এছএমএছ কৰাৰ পিছতো ৰোহিত শেট্টীয়ে উত্তৰ দিয়া নাছিল।

ৰোহিত শেট্টীয়ে কয় – ‘দুই তিনিবাৰ এছএমএছ কৰাৰ পিছত মই ক’লো ঠিক আছে আহা। তাৰ পিছত মই নিজৰ কাৰ্যালয়ত ক’লো যে ছাৰা আহিব। মই ভাবিছিলো ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা, বডীগাৰ্ড লৈ আহিব। কিন্তু কিছু সময় পিছত মোৰ চিফ এডি আহি ক’লে যে ছাৰা আহিছে। মই সুধিলো কাৰ লগত? ক’লে, অকলে।’



ৰোহিত শেট্টীয়ে আগলৈ কয় যে মানুহে ভাবে যে তাৰকাৰ জীয়ৰী, কাম এনেই পাব। কিন্তু বিশ্বাক কৰক, ছাৰা আহিল... মই ক’লে – কোৱা কি কৰি আছে? ছাৰাই হাতজোৰ কৰি ক’লে – ছাৰ কাম দিয়ক। মই ক’ব বিচাৰিছো যে ছাৰা আজি ইয়াত কেৱল নিজৰ বলত আছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি