কাইলৈ মুক্তি পাব ৰীমা দাসৰ ‘বুলবুল কেন ছিং’, আজি প্ৰিমিয়াৰ শ্ব’

‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ অভূতপূৰ্ব সফলতাৰ পিছত ‘বুলবুল কেন ছিং’ ছবিখনেও ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

News18-Assam
Updated:September 19, 2019, 8:07 AM IST
কাইলৈ মুক্তি পাব ৰীমা দাসৰ ‘বুলবুল কেন ছিং’, আজি প্ৰিমিয়াৰ শ্ব’
‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ অভূতপূৰ্ব সফলতাৰ পিছত ‘বুলবুল কেন ছিং’ ছবিখনেও ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছে।
News18-Assam
Updated: September 19, 2019, 8:07 AM IST
কাইলৈ মুক্তি পাব যশস্বী পৰিচালক ৰীমা দাসৰ ছবি ‘বুলবুল কেন ছিং’। আমেৰিকাৰ পৰা বুধবাৰে ছয়গাঁৱৰ নিজ বাসগৃহত উপস্থিত হোৱা ৰীমা দাসে জনায় যে ‘বুলবুল কেন ছিং’ ছবিখনত দৰ্শকে গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি দেখা পাব। মুক্তিৰ পূৰ্বে আজি হ’ব ছবিখনৰ প্ৰিমিয়াৰ শ্ব’। ছবিখন উপভোগ কৰিবলৈ সকলোকে আহ্বান জনাইছে ৰীমা দাসে।

‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ অভূতপূৰ্ব সফলতাৰ পিছত ‘বুলবুল কেন ছিং’ ছবিখনেও ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছে। ইতিমধ্যে এই ছবিখনে লাভ কৰিছে ‘ৰজত কমল’ বঁটা। ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ জৰিয়তে সমগ্ৰ বিশ্বৰ আগত দেশৰ নাম উজলাই তুলিবলৈ সক্ষম হোৱা ৰীমা দাসৰ নতুন ছবি ‘বুলবুল কেন ছিং’ ছবিখনেও অসমৰ ৰাইজে আদৰি ল’ব বুলি আশা কৰা হৈছে।



‘বুল বুল কেন ছিং’ ছবিখনৰ সকলো কৰ্মকৰ্তাৰ সৈতে ছয়গাঁও তথা গুৱাহাটীত পৰিচালিকা ৰীমা দাসে উপভোগ কৰিব ছবিখন। আনহাতে অহা জানুৱাৰীৰ পৰা নতুন ছবিৰ কাম হাতত ল’ব বুলিও জনায় ৰীমা দাসে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি