২০ ছেপ্তেম্বৰত ছবিগৃহলৈ ৰীমা দাসৰ ‘বুলবুল কেন ছিং’

ৰীমা দাসৰ ছবিখনে ইতিমধ্যে দেশ বিদেশৰ বিভিন্ন চলচিত্ৰ মহোৎসৱত সন্মান বুটলিলৈ সক্ষম হৈছে।

News18-Assam
Updated:September 13, 2019, 9:34 AM IST
২০ ছেপ্তেম্বৰত ছবিগৃহলৈ ৰীমা দাসৰ ‘বুলবুল কেন ছিং’
ৰীমা দাসৰ ছবিখনে ইতিমধ্যে দেশ বিদেশৰ বিভিন্ন চলচিত্ৰ মহোৎসৱত সন্মান বুটলিলৈ সক্ষম হৈছে।
News18-Assam
Updated: September 13, 2019, 9:34 AM IST
কাঞ্জনজংঘাৰ পিছত এইবাৰ মুক্তিৰ বাবে সাজু হৈছে নতুন অসমীয়া ছবি বুল বুল কেন ছিং। অহা ২০ ছেপ্তেম্বৰত ৰাজ্যজুৰি মুক্তিলাভ কৰিব বিশিষ্ট পৰিচালক ৰীমা দাসৰ নতুন অসমীয়া ছবিখনে। বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা ছবিখনে ঘৰুৱা দৰ্শকৰ পৰাও আদৰ মৰম লাভ কৰিব পাৰিব বুলি আশাবাদী পৰিচালক ৰীমা দাস।

ভিলেজ ৰকষ্টাৰ্ছ ছবিৰ জৰিয়তে সমগ্ৰ বিশ্বৰ আগত দেশৰ নাম উজলাই তুলিবলৈ সক্ষম হোৱা ৰীমা দাসৰ নতুন ছবিখনো কাঞ্চনজংঘাৰ দৰে অসমৰ ৰাইজে আদৰি লওক! এতিয়া আশা কৰিছে ছবিখনৰ কলা কৌশলী সকলে। উল্লেখযোগ্য যে ইতিমধ্যে ছবিখনে ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি