শীঘ্ৰে বিবাহপাশত আবদ্ধ হ’ব হাৰ্দিক পাণ্ডিয়া! পিতৃ–মাতৃকো সাক্ষাৎ কৰোৱালে এইগৰাকী বিদেশী অভিনেত্ৰীক

পূৰ্বেও কেইবাগৰাকীও বলীউদ অভিনেত্ৰীৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ সম্পৰ্কৰ কথা ওলাইছিল। তাৰ ভিতৰত আছিল উৰ্বশী ৰৌতেলা, ঈশা গুপ্তাও।

News18-Assam
Updated:October 22, 2019, 3:35 PM IST
শীঘ্ৰে বিবাহপাশত আবদ্ধ হ’ব হাৰ্দিক পাণ্ডিয়া! পিতৃ–মাতৃকো সাক্ষাৎ কৰোৱালে এইগৰাকী বিদেশী অভিনেত্ৰীক
পূৰ্বেও কেইবাগৰাকীও বলীউদ অভিনেত্ৰীৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ সম্পৰ্কৰ কথা ওলাইছিল। তাৰ ভিতৰত আছিল উৰ্বশী ৰৌতেলা, ঈশা গুপ্তাও।
News18-Assam
Updated: October 22, 2019, 3:35 PM IST
ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই খেলপথাৰতেই হওক বা খেলপথাৰৰ বাহিৰতেই হওক, সদায় চৰ্চাত থাকে। বৰ্তমান ব্যক্তিগত জীৱনক লৈ চৰ্চাত আছে হাৰ্দিক পাণ্ডিয়া। খবৰ ওলাইছে যে অভিনেত্ৰী নাতাশা ষ্টানক’ভিকৰ সৈতে সম্পৰ্কক লৈ অতি ছিৰিয়াছ হাৰ্দিক। পূৰ্বেও কেইবাগৰাকীও বলীউদ অভিনেত্ৰীৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ সম্পৰ্কৰ কথা ওলাইছিল। তাৰ ভিতৰত আছিল উৰ্বশী ৰৌতেলা, ঈশা গুপ্তাও। কিন্তু কোনো এগৰাকীৰ সৈতে আগ নাবাঢ়িল হাৰ্দিকৰ সম্পৰ্ক।

কিন্তু বৰ্তমান নাতাশাৰ সৈতে সম্পৰ্কক লৈ অত্যন্ত ছিৰিয়াছ হাৰ্দিক। স্পটবয়ৰ ৰিপ’ৰ্ট অনুসৰি, এই বৰ্ষৰ মে’ মাহত হাৰ্দিক পাণ্ডিয়াই নিজৰ পৰিয়ালৰ সৈতেও পৰিচয় কৰাই দিছিল নাতাশাক। এই উপলক্ষে উপস্থিত আছিল হাৰ্দিকৰ আত্মীয়–স্বজনো। ৰিপ’ৰ্ট অনুসৰি, দুয়োৰে সম্পৰ্কক লৈ হাৰ্দিকৰ পৰিয়ালৰ কোনো আপত্তি নাই।

ছাৰ্বিয়াৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী নাতাশা ষ্টানক’ভিক বৰ্তমান মুম্বাইত থাকে। প্ৰকাশ ঝাৰ ছবি সত্যাগ্ৰহৰ যোগেদি বলীউদত খোজ দিছিল নাতাশাই। ছবিখনত নতাশাৰ এটা আইটেম ছং আছিল। পিছত টিভি ৰিয়েলিটী শ্ব’ বিগ বছৰ অষ্টম সংস্কৰণত দেখা গৈছিল নাতাশাক।



শেহতীয়াকৈ ‘ডিজে ৱালে বাবু মেৰা গানা চলা দে’ গীতটোৰ জৰিয়তে অধিক জনপ্ৰিয় হৈ পৰিছিল অভিনেত্ৰীগৰাকী। শ্বাহৰুখ খান আৰু অনুষ্কা শৰ্মাৰ ছবি জিৰ’তো এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল নাতাশাই। খবৰ অনুসৰি, হাৰ্দিক পাণ্ডিয়া আৰু নাতাশাক বান্দ্ৰাৰ এখন কেফেতো একেলগে দেখা গৈছিল।

এয়াও চাওক : কাপোৰ নিপিন্ধাকৈ খাদ্য প্ৰস্তুত কৰি লাখ টকা উপাৰ্জন কৰিছে এইগৰাকী ইউটিউবাৰে!

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি