মূৰ আৰু হাতত আঘাতৰ চিন, চিকিৎসালয়ৰ বিচনাত অভিনেতা ৰবি শৰ্মা!

কত, কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল অভনেতা ৰবি শৰ্মা

News18-Assam
Updated:August 8, 2019, 4:03 PM IST
মূৰ আৰু হাতত আঘাতৰ চিন, চিকিৎসালয়ৰ বিচনাত অভিনেতা ৰবি শৰ্মা!
Source- Ravi Sharma Instagram account
News18-Assam
Updated: August 8, 2019, 4:03 PM IST
চিকিৎসালয়ৰ বিচনাত অভিনেতা ৰবি শৰ্মা। মূৰ আৰু হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত এতিয়া চিকিৎসাধীন অৱস্থাত আছে অভিনেতাজন। কিন্তু ক’ত, কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল অভিনেতাজন? এতিয়ালৈকে সবিশেষ তথ্য পোহৰলৈ অহা নাই!

আচলতে ৰবি শৰ্মা এনেদৰে আঘাতপ্ৰাপ্ত ৰিয়েল লাইফত হোৱা নাই, অভিনেতাজনৰ নিৰ্মীয়মাণ অৱস্থাত থকা একছন ধৰ্মী ছবি ৰঘূপতিৰ শ্বুটিঙৰ দৃশ্যহে এইয়া। ছবিখনৰ পাৰম্ভিক কাম কাজ প্ৰায় শেষ হেৱাৰ পিছত বৰ্তমান ছবিখনৰ টিজাৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে।



শুভ্ৰত কাকতিয়ে পৰিচালনা কৰা ছবিখনৰ কাহিনী অভিনেতা ৰবিৰ নিজৰ। ইতিমধ্যে মুকলি কৰা ছবিখনৰ অফিচিয়েল পষ্টাৰে ছবিখনৰ প্ৰতি উৎকণ্ঠা বঢ়াইছে দৰ্শকৰ মাজত। ৰঘূপতিত ৰবি শৰ্মাৰ উপৰিও অভিনয় কৰিছে অভিনেত্ৰী অমৃতা গগৈ, অৰুণ নাথৰ দৰে অভিনেতাই।

যতীন বৰাৰ ৰত্নাকৰ আৰু জুবিন গাৰ্গৰ কাঞ্চনজংঘা ছবিৰ পিছত ৰবি শৰ্মাৰ একছন ধৰ্মী ছবি ৰঘূপতিয়েও যে মুক্তিৰ পূৰ্বেই দৰ্শকৰ মাজত ব্যাপক ভাবে চৰ্চিত হ’ব সেইয়া নিশ্চিত!
আৰু চাওক পৰৱৰ্তী বাতৰি