দৈনিক ১৯৯ টা দৰ্শনীৰে দ্বিতীয় সপ্তাহলৈ সাজু ৰত্নাকৰ, অসমত দৰ্শনী বিচাৰি উজুটি খাইছে শ্বেইফ আলী খানে!

অসমত দৰ্শনী বিচাৰি উজুটি খাইছে ইখনৰ পিছত সিখন বিগ বাজেট হিন্দী ছবি

News18-Assam
Updated:October 17, 2019, 6:10 PM IST
দৈনিক ১৯৯ টা দৰ্শনীৰে দ্বিতীয় সপ্তাহলৈ সাজু ৰত্নাকৰ, অসমত দৰ্শনী বিচাৰি উজুটি খাইছে শ্বেইফ আলী খানে!
অসমত দৰ্শনী বিচাৰি উজুটি খাইছে ইখনৰ পিছত সিখন বিগ বাজেট হিন্দী ছবি
News18-Assam
Updated: October 17, 2019, 6:10 PM IST
প্ৰথম সপ্তাহৰ অভূতপূৰ্ব সফলতাৰ পিছত দ্বিতীয় সপ্তাহলৈ সাজু হৈছে যতীন বৰাৰ অভিনীত আৰু পৰিচালিত ছবি ৰত্নাকৰ। প্ৰথম সপ্তাহতে প্ৰায় তিনি কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হোৱা ছবিখনে দ্বিতীয় সপ্তাহত  লাভ কৰিছে ৫৪ টা চিত্ৰগৃহত দৈনিক ১৯৯ টাকৈ দৰ্শনী ।



প্ৰথম সপ্তাহত ৰত্নাকৰৰ প্ৰতি দৰ্শকৰ উৎসাহ দেখি ছবিগৃহ কৰ্তৃপক্ষই প্ৰিয়ংকা চোপ্ৰাৰ অভিনীত ‘দ্যা স্কাই ইজ পিংক’ আৰু হৃত্বিক ৰোশনৰ ‘ৱাৰ’ৰ দৰ্শনী হ্ৰাস কৰিবলৈ বাধ্য হৈছিল। প্ৰথম সপ্তাহৰ আটাইকেইটা দিনেই হাউচফুল থকা ৰত্নাকৰ এতিয়া সাজু হৈছে দ্বিতীয় সপ্তাহৰ বাবে। দ্বিতীয় সপ্তাহত বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বেইফ আলী খানৰ ‘Laal Kaptaan’– এ মুক্তি লাভ কৰিব। কিন্তু এতিয়া ৰত্নাকৰৰ সন্মুখত বলীউডৰ ছবিখনে দৰ্শনী বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে।



‘Laal Kaptaan’ত শ্বেইফ আলী খানৰ বিপৰীতে অভিনয় কৰিছে সোনাক্ষী সিনহাই।

এনেদৰেই এতিয়া অসমত বলীউডৰ ছবিয়ে খাব লগীয়া হৈছে উজুটি। অসমীয়া ছবিৰ প্ৰতি দৰ্শকৰ উৎসাহ দেখি আঁতৰিবলৈ বাধ্য হৈছে ইখনৰ পিছত সিখন বিগ বাজেট হিন্দী ছবি।
আৰু চাওক পৰৱৰ্তী বাতৰি