ৰত্নাকৰ ছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতৰ ‘Teaser’ মুকলি, চাওক ভিডিঅ’

লাডাখৰ মনোমোহা ঠাইত দৃশ্যগ্ৰহণ কৰা গীতটোৰ Teaser মুকলি কৰাৰ পিছতে ছচিয়েল মিডিয়াত চলিছে চৰ্চা

News18-Assam
Updated:July 27, 2019, 4:34 PM IST
ৰত্নাকৰ ছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতৰ ‘Teaser’ মুকলি, চাওক ভিডিঅ’
যতীন বৰাৰ ফেচবুক পেজৰ পৰা
News18-Assam
Updated: July 27, 2019, 4:34 PM IST
ছুপাৰষ্টাৰ যতীন বৰাৰ নতুন ছবি ৰত্নাকৰৰ বাবে এতিয়া অধিক আগ্ৰহেৰে অপেক্ষা কৰিছে অসমৰ ছবি অনুৰাগীয়ে। ছবিখনৰ টিজাৰ আৰু গীত সমূহেও দৰ্শকৰ মাজত লাভ কৰিছে বিপুল সঁহাৰি। তাৰ মাজতেই আজি মুকলি কৰা হ’ল ছবিখনৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতৰ First Look teaser। টিজাৰটোত অতি আকৰ্ষণীয় ৰূপত দেখা গৈছে যতীন বৰা আৰু অভিনেত্ৰী বৰষা ৰাণী বিষয়াক। অহা ৩ আগষ্টত গীতটোৰ সম্পূৰ্ণ ভিডিঅ’ মুক্তি দিব বুলি জনাইছে যতীন বৰাই।

অধিনায়ক ছবিৰ পিছত দ্বিতীয় বাৰৰ বাবে যতীন বৰাই  পৰিচালনা কৰা ৰত্নাকৰ ছবিখনে ইতিমধ্যে গীত কেইটাৰ জৰিয়তে দৰ্শকৰ মাজত ব্যাপক প্ৰচাৰ লাভ কৰিছে। চলিত বৰ্ষৰ অক্টোবৰ মাহত ছবিখন মুক্তি পোৱাৰ কথা। ছবি খন JB Production ৰ বেনাৰত প্ৰযোজনা কৰিছে যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাই। ছবিখনত যতীন বৰাৰ উপৰিও অভিনয় কৰিছে বৰষা ৰাণী বিষয়া, নিশিতা গোস্বামী, বিষ্ণু খাৰঘৰীয়াৰ দৰে শিল্পীয়ে।

 

আৰু চাওক পৰৱৰ্তী বাতৰি