পিতৃ–কন্যাৰ অনন্য সম্পৰ্কৰে ‘এটা কথা কোৱানা’!

অহা ১১ অক্টোবৰত ছবিগৃহলৈ আহিব যতীন বৰাৰ সপোনৰ ছবি ৰত্নাকৰ! সোমবাৰে মুক্তিপালে ছবিখনৰ দ্বিতীয়টো গীতৰ ভিডিঅ’

News18-Assam
Updated:September 10, 2019, 6:47 PM IST
পিতৃ–কন্যাৰ অনন্য সম্পৰ্কৰে ‘এটা কথা কোৱানা’!
Source-Dhwani Records Youtube Channel
News18-Assam
Updated: September 10, 2019, 6:47 PM IST
পিতৃ আৰু কন্যাৰ মধুৰ সম্পৰ্কক এইবাৰ ছবিৰ মাজেৰে তুলি ধৰিব বিচাৰিছে অভিনেতা যতীন বৰাই! সোমবাৰে মুক্তিলাভ কৰিলে ৰত্নাকৰ ছবিৰ ‘এটা কথা কোৱানা’ শীৰ্ষক গীতটোৰ ভিডিঅ’। গীতটোত অভিনয় কৰিছে যতীন বৰা, নিশিতা গোস্বামীৰ লগতে শিশু শিল্পী আশ্ৰমিকা শইকীয়াই।

এগৰাকী পিতৃৰ বাবে নিজৰ জী কিমান মূল্যবান তেনে এক আভাস প্ৰদান কৰা হৈছে ভিডিঅ’টোৰ মাজেৰে। ভিডিঅ’টো মুক্তি দিয়াৰ পিছতে এতিয়া গীতটোক লৈ চলিছে ব্যাপক চৰ্চা। মুক্তিৰ ২৪ ঘণ্টা নহওতেই Youtube ত গীতটোৱে 400k অতিক্ৰম কৰিছে।



অহা ১১ অক্টোবৰত মুক্তিলাভ কৰিব যতীন বৰাৰ বহু চৰ্চিত ছবি ৰত্নাকৰ। ছবিখনৰ প্ৰচাৰত এতিয়া ভীষণ ব্যস্ত  ছবিখনৰ কলা কৌশলীসকল।

গীতটোৰ ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি