সমগ্ৰ ৰাজ্যত এতিয়া ৰত্নাকৰৰ ঢৌ! ১১ অক্টোবৰত ছবিগৃহলৈ আহিব যতীন বৰাৰ নতুন ছবি ৰত্নাকৰ। প্ৰায় এমাহ ধৰি জোৰদাৰ প্ৰচাৰ চলোৱাৰ পিছত বৃহস্পতিবাৰে মা–কামাখ্যাৰ আশীৰ্বাদলৈ প্ৰচাৰৰ শেষৰ দিনা গুৱাহাটীত হাজাৰ হাজাৰ অনুৰাগী সহ টীম ৰত্নাকৰৰ বৃহৎ ৰোড শ্ব’।
ইতিমধ্য়ে ১১ তাৰিখৰ দিনা ৰাজ্যৰ সকলো চিত্ৰ গৃহতে প্ৰায় শেষ হোৱাৰ পথত ৰত্নাকৰৰ টিকট। অন লাইন বুকিঙৰ জৰিয়তে ইতিমধ্যেৰত্নাকৰৰ প্ৰথমদিনাৰ টিকটৰ অগ্ৰিম বুকিং প্ৰায় শেষ হৈছে । ফলস্বৰূপে ৰত্নাকৰে মুক্তিৰ প্ৰথমদিনাই বক্স অফিছত বাম্পাৰ অপেনিং কৰাৰ অনুমান কৰা হৈছে। গুৱাহাটী, লখিমপুৰৰ তেজপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়কে ধৰি প্ৰায় সংখ্যক জিলাৰ ছবিগৃহত ইতিমধ্যে প্ৰায় শেষ হোৱাৰ পথত প্ৰথম দিনৰ টিকট।
ছবিখনকলৈ আশাবাদী যতীন বৰাৰ লগতে অভিনেত্ৰী বৰষা ৰাণী বিষয়া, নিশিতা গোস্বামী। প্ৰচাৰৰ সময়তো দৰ্শকৰ ছবিখনৰ প্ৰতি উৎসুকতা দেখিবলৈ পোৱা গৈছিল।আজি অনুষ্ঠিত হ’ব ছবিখনৰ প্ৰমিয়াৰ শ্ব’, প্ৰিমিয়াৰ শ্ব’ৰ বাবে যতীন বৰাই আমন্ত্ৰণ জনাইছে মহানগৰৰ মাডাৰ্চ বৃদ্ধা আশ্ৰমৰ আৱাসী সকলক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|