দৰ্শকৰ পৰা লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি, বহিঃৰাজ্যতো প্ৰায় শেষ ৰত্নাকৰৰ প্ৰথম দুদিনৰ টিকট বুকিং

ৰত্নাকৰৰ প্ৰতি সঁহাৰি দেখি প্ৰিয়ংকা চোপ্ৰাৰ ‘The Sky is Pink’ আৰু হৃত্বিক ৰোছনৰ ‘War’ ছবিৰ দৰ্শনী কৰ্তন কৰিবলৈ বাধ্য হৈছে ছবিগৃহ কৰ্তৃপক্ষ

News18-Assam
Updated:October 11, 2019, 6:40 PM IST
দৰ্শকৰ পৰা লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি, বহিঃৰাজ্যতো প্ৰায় শেষ ৰত্নাকৰৰ প্ৰথম দুদিনৰ টিকট বুকিং
ৰত্নাকৰৰ প্ৰতি সঁহাৰি দেখি প্ৰিয়ংকা চোপ্ৰাৰ ‘The Sky is Pink’ আৰু হৃত্বিক ৰোছনৰ ‘War’ ছবিৰ দৰ্শনী কৰ্তন কৰিবলৈ বাধ্য হৈছে ছবিগৃহ কৰ্তৃপক্ষ
News18-Assam
Updated: October 11, 2019, 6:40 PM IST
আজি ছবিগৃহলৈ আহিল যতীন বৰাৰ বহু প্ৰত্যাশিত অসমীয়া ছবি ৰত্নাকৰ। মুক্তিৰ দিনটোতে ৰাজ্যৰ প্ৰায় প্ৰতিটো চিত্ৰগৃহতে পুৱাৰে পৰা দেখা গ’ল দৰ্শকৰ অভাৱনীয় ভিৰ। প্ৰতিটো দৰ্শনীতে ৰত্নাকৰ এতিয়া হৈছে হাউচফুল। সেইদৰে বহুসংখ্যক দৰ্শকেও ৰত্নাকৰ চাই অভিভূত হোৱা  বুলি নিজ মুখে স্বীকাৰ কৰিছে।

অসমৰ ৫৯ টা চিত্ৰগৃহত মুক্তিলাভ কৰিছে ৰত্নাকৰ। দৰ্শকৰ সঁহাৰি দেখি ছবিগৃহ কৰ্তৃপক্ষই  এতিয়া বৃদ্ধি কৰিছে দৰ্শনীৰ সংখ্যা। অসমৰ লগতে ছবিখন মুম্বাই, হাইদৰাবাদ, দিল্লী, পুনে আদিতো মুক্তি দিয়া হৈছে ছবিখন। দেওবাৰলৈকে অসমৰ বহুকেইটা চিত্ৰগৃহত প্ৰায় শেষ ৰত্নাকৰৰ টিকট। সেইদৰে বহিঃৰাজ্যতো প্ৰায় শেষ হৈছে প্ৰথম দুদিনৰ টিকট।



কাঞ্জনজংঘাৰ পিছত এতিয়া ৰাজ্যত কেৱল ৰত্নাকৰৰ চৰ্চা। বহিঃৰাজ্যত ৰত্নাকৰৰ প্ৰতি দৰ্শকৰ এনে সঁহাৰি অসমীয়া ছবিৰ বাবে সঁচাই এক ইতিবাচক দিশ। উল্লেযোগ্য যে, ৰত্নাকৰৰ প্ৰতি দৰ্শকৰ অভাৱনীয় সঁহাৰি দেখি ছবিগৃহত এতিয়া প্ৰিয়ংকা চোপ্ৰাৰ ‘The Sky is Pink’ আৰু হৃত্বিক ৰোছনৰ ‘War’ ছবিৰ দৰ্শনী কৰ্তন কৰি ৰত্নাকৰৰ দৰ্শনী বৃদ্ধি কৰিবলৈ বাধ্য হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি