অসমীয়া ছবিৰ ৰাজত্ব! প্ৰথম দিনাই বক্স অফিচত ধুলিসাৎ প্ৰিয়ংকা চোপ্ৰাৰ ‘দ্যা স্কাই ইজ পিংক’

ক্ৰমান্বয়ে দৰ্শকৰ অভাৱত দৰ্শনী কমিছে প্ৰিয়ংকা চোপ্ৰাৰ ‘দ্য়া স্কাই ইজ পিংক’ৰ

News18-Assam
Updated:October 12, 2019, 3:15 PM IST
অসমীয়া ছবিৰ ৰাজত্ব! প্ৰথম দিনাই বক্স অফিচত ধুলিসাৎ প্ৰিয়ংকা চোপ্ৰাৰ ‘দ্যা স্কাই ইজ পিংক’
ক্ৰমান্বয়ে দৰ্শকৰ অভাৱত দৰ্শনী কমিছে প্ৰিয়ংকা চোপ্ৰাৰ ‘দ্য়া স্কাই ইজ পিংক’ৰ
News18-Assam
Updated: October 12, 2019, 3:15 PM IST
অসমত এতিয়া অসমীয়া ছবিৰ বতৰ। সকলোতে অসমীয়া ছবিকলৈ চৰ্চা। ছেপ্তেম্বৰ মাহত কাঞ্চনজংঘাৰ বাবে ছবিগৃহৰ পৰা আঁতৰিছিল বলীউড–দক্ষিণৰ ছবি Saaho’। দৰ্শকৰ হেঁচাত কাঞ্চনজংঘাৰ দৰ্শনী বৃদ্ধি কৰি হ’লৰ কৰ্তৃপক্ষই  আতঁৰাবলৈ বাধ্য হৈছিল ‘Saaho’। সেই সময়ৰ যেন এতিয়া আকৌ পুণৰাবৃত্তি হৈছে যতীন বৰাৰ ৰত্নাকৰৰ মুক্তিৰ পিছতে। ৰত্নাকৰৰ প্ৰতি এতিয়া অসমীয়া দৰ্শকৰ ইমানেই উৎসাহ যে, ছবিগৃহৰ কৰ্তৃপক্ষই এতিয়া ক্ৰমান্বয়ে হ্ৰাস কৰিছে প্ৰিয়ংকা চোপ্ৰা, ফাৰহান আখটাৰ অভিনীত বলীউডৰ ছবি ‘দ্যা স্কাই ইজ পিংক’ আৰু হৃত্বিক ৰোশন, টাইগাৰ শ্ৰুফ অভিনীত ‘ৱাৰ’।



ৰত্নাকৰৰ বাম্পাৰ অপেনিঙৰ পৰিৱৰ্তে দ্যা স্কাই ইজ পিংকৰ প্ৰথম দিনা অসমত বক্স অফিচ কালেকচন একেবাৰেই কম হৈছে বুলি জানিব পৰা গৈছে। সঁচাকৈ যেন এতিয়া অসমতো আৰম্ভ হৈছে বেংগল, দাক্ষিণাত্য, মাৰাঠীৰ ছবিৰ দৰে এক পৰিবেশৰ। অসমীয়া ছবিৰ সন্মুখত এতিয়া প্ৰায় ধুলিসাৎ হৈছে বলীউডৰ বিগ বাজেট ছবি।

প্ৰিয়ংকাৰ স্কাই ইজ পিংকে কেৱল অসমতে নহয় সমগ্ৰ দেশতে মুখ থেকেচা খোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দেশতে মুক্তিৰ প্ৰথম দিনা মাত্ৰ ২.৫ কোটি থকা উপাৰ্জন কৰিছে প্ৰয়িংকা চোপ্ৰাৰ ছবিখনে।
আৰু চাওক পৰৱৰ্তী বাতৰি