কোৰোণা ভাইৰাছে বলীউডৰ বহু ছবিৰ ক্ষেত্ৰত বিপৰ্যয় আনিছিল। অ'টিটি প্লেটফৰ্মত বহুতো চলচ্চিত্ৰ মুক্তি পাইছিল যদিও এনে বহুতো চলচ্চিত্ৰ আছিল, যি মুক্তিৰ অপেক্ষাত আছিল। এই তালিকাখনত ৰণবীৰ সিং (Ranveer Singh) আৰু দীপিকা পাডুকন (Deepika Padukone)ৰ ছবি '৮৩'ও অন্তৰ্ভুক্ত আছে। সূৰ্যবংশী (sooryavanshi) চলচ্চিত্ৰখনৰ পিছত এতিয়া '৮৩'ৰ মুক্তিৰ তাৰিখ ওলাইছে। ৰণবীৰ সিঙে নিজেই এই খবৰ অনুৰাগীসকলৰ মাজত শ্বেচয়াৰ কৰিছে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই (Uddhav Thackeray) শনিবাৰে (২৫ ছেপ্টেম্বৰ) ঘোষণা কৰিছিল যে ২০২১ চনৰ ২২ অক্টোবৰৰ পৰা ৰাজ্যজুৰি ছবিগৃহ মুকলি কৰা হ'ব। এই ঘোষণাৰ পিছত এতিয়া অনুৰাগীৰ পৰা অভিনেতা–অভিনেত্ৰীও যথেষ্ট সুখ প্ৰকাশ কৰিছে।
ৰণবীৰ সিঙে তেওঁৰ অনুৰাগীসকলৰ বাবে এটা পোষ্ট শ্বেয়াৰ কৰিছিল। এই পোষ্টটোত তেওঁ লিখে- এইটো সময়... এই খ্ৰীষ্টমাছত ছবিগৃহত '৮৩'। হিন্দী, তামিল, তেলুগু, কানাড়া আৰু মালায়ালমত মুক্তি। #ThisIs83
উল্লেখ্য, এই ছবিখন ১৯৮৪ চনত ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ৰ ওপৰত আধাৰিত। ছবিখন কবীৰ খানে পৰিচালনা কৰিছে। '৮৩' বোলছবিখনত ৰণবীৰৰ সৈতে দীপিকা পাডুকনৰ যুটি পুনৰ পৰ্দালৈ আহিব। ছবিখনত ৰণবীৰ সিঙক প্ৰাক্তন ভাৰতীয় অধিনায়ক আৰু কিংবদন্তি অলৰাউণ্ডাৰ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। বিবাহৰ পিছত এয়া প্ৰথমবাৰৰ বাবে ৰণবীৰ সিং আৰু দীপিকা পাডুকনক একেলগে দেখা যাব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|