বৰ্তমান কি কৰিছে ৰাণু মণ্ডলে? হিমেশৰ ছবিত গান গোৱাৰ পিছত কিয় খবৰ নোহোৱা হ’ল ৰাণুৰ?

News18-Assam
Updated:October 21, 2019, 9:07 AM IST
বৰ্তমান কি কৰিছে ৰাণু মণ্ডলে? হিমেশৰ ছবিত গান গোৱাৰ পিছত কিয় খবৰ নোহোৱা হ’ল ৰাণুৰ?
ৰাণুক এই পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰা অতিন্দ্ৰ চক্ৰৱৰ্তীয়ে ফেচবুক লাইভৰ জৰিয়তে ৰাণুৰ বিষয়ে সকলো কথা জনাইছে।

ৰাণুক এই পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰা অতিন্দ্ৰ চক্ৰৱৰ্তীয়ে ফেচবুক লাইভৰ জৰিয়তে ৰাণুৰ বিষয়ে সকলো কথা জনাইছে।

  • Share this:
পশ্চিম বংগৰ ৰাণাঘাট ৰে’ল ষ্টেচনৰ পৰা বলীউদত খোজ দিয়া ৰাণু মণ্ডল বিগত কিছুদিন ধৰি ইণ্টাৰনেট চাঞ্চল্য হৈ পৰিছিল। লতা মংগেশকাৰৰ এটা গান ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছতে হিমেশ ৰেশামিয়াই বলীউদৰ চিনেমাত গান গোৱাৰ সুযোগ দিছিল ৰাণুক। তাৰ পিছতে ছচিয়েল মিডিয়াত ৰাণু মণ্ডলক ব্যাপক চৰ্চা হৈছিল। কিন্তু কিছুদিন ধৰি সংবাদ মাধ্যমৰ পৰা দূৰত আছে ৰাণু মণ্ডল।

আপুনি জানি আচৰিত হ’ব যে এইকেইদিনত ৰাণু মণ্ডলে বহু কাম কৰি আছে। কিছুদিন পূৰ্বে ৰাণু মণ্ডলে নিজৰ এটা ফেচবুক পেজ খুলিছে। পেজত নিয়মীয়াকৈ নিজৰ বিষয়ে উল্লেখ কৰিছে ৰাণু মণ্ডলে। নিজৰ পেজত ২ লাখতকৈ অধিক লোকে লাইক কৰিছে। বৰ্তমান ৰাণু মণ্ডলৰ বায়’পিকৰ ওপৰত কাম চলি আছে। যাক লৈ খুবেই ব্যস্ত ৰাণু মণ্ডল।


ৰাণুক এই পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰা অতিন্দ্ৰ চক্ৰৱৰ্তীয়ে ফেচবুক লাইভৰ জৰিয়তে ৰাণুৰ বিষয়ে সকলো কথা জনাইছে। ৰাণুৰ আহিবলগীয়া নতুন গানৰ কথাও উল্লেখ কৰিছে অতিন্দ্ৰই।

জানিব পৰা মতে, বৰ্তমান ৰাণু মণ্ডল দুই স্থানলৈ অহা–যোৱা কৰিবলগীয়া হৈছে। ৰাণুৰ হাতত আছে বলীউদৰ কিছু গান। সেয়েহে মুম্বাইলৈ অহা–যোৱা কৰিবলগীয়া হৈছে। কিন্তু বৰ্তমান পশ্চিম বংগৰ ঘৰতে আছে ৰাণু।


শেহতীয়াকৈ ৰাণুৱে লাভ কৰিছে পাছপ’ৰ্ট। উল্লেখযোগ্য যে হিমেশ ৰেশামিয়াৰ ছবি ‘হেপী হাৰ্ডি এণ্ড হীৰ’ৰ বাবে গীন গোৱাৰ পিছতে ব্যাপক চৰ্চা লাভ কৰিছিল ৰাণু মণ্ডলে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি