দীপাৱলীত আকৌ ৰাণু মণ্ডলে গালে গান, নিশাটোৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল, চাওক VIDEO

ৰাণুৰ এই ভিডিঅ’টো ডেইলী হাণ্টৰ অফিচিয়েল পেজত শ্বেয়াৰ কৰা হৈছে।

News18-Assam
Updated:October 28, 2019, 9:07 PM IST
দীপাৱলীত আকৌ ৰাণু মণ্ডলে গালে গান, নিশাটোৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল, চাওক VIDEO
ৰাণুৰ এই ভিডিঅ’টো ডেইলী হাণ্টৰ অফিচিয়েল পেজত শ্বেয়াৰ কৰা হৈছে।
News18-Assam
Updated: October 28, 2019, 9:07 PM IST
ৰাণু মণ্ডল বুলি ক’লে এতিয়া আৰু চিনাকিৰ কোনো প্ৰয়োজন নাই। ৰে’লৱে ষ্টেচনৰ পৰা বলীউদলৈ ৰাণুৰ যাত্ৰাৰ কাহিনী সকলোৱে জানে। হিমেশ ৰেছামিয়াৰ জৰিয়তে বলীউদত খোজ দিছিল ৰাণু মণ্ডলে। কিন্তু হিমেশৰ ছবিত গীত গোৱাৰ পিছৰে পৰা কিছুদিন ধৰি অন্তৰ্ধান হৈ আছিল ৰাণু মণ্ডল। কিন্তু দীপাৱলীত আকৌ এবাৰ আত্মপ্ৰকাশ কৰিছে ৰাণু মণ্ডলে। ৰাণুৰ শেহতীয়া গীতৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

লগতে পঢ়ক–  ইটোৰ পিছত সিটো ভোজপুৰী গীতে অতিক্ৰম কৰিছে বলীউদক! কাজল ৰাঘবানীৰ জোৰদাৰ গীতে সৃষ্টি কৰিছে ধুমুহাৰ

আচলতে, ৰাণু মণ্ডলে এটা বাংলা টিভি শ্ব’ ‘কমেডী ষ্টাৰ্ছ’ত অতিথি হিচাপে উপস্থিত আছিল। এই শ্ব’ত সকলোৰে অনুৰোধমৰ্মে এটা গীত গালে ৰাণু মণ্ডলে। দীপাৱলী উপলক্ষে সম্প্ৰচাৰিত এই খণ্ডটোত শ্বাহৰুখ খান আৰু কাজলৰ ছবিৰ গান ‘তুঝে দেখা তো য়ে জানা ছনম’ গীতটো গালে ৰাণুৱে। ৰাণুৰ এই ভিডিঅ’টো ডেইলী হাণ্টৰ অফিচিয়েল পেজত শ্বেয়াৰ কৰা হৈছে। ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈছে এই ভিডিঅ’টো।

 




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি