এইবাৰ উদিত নাৰায়ণৰ সৈতে ৰাণু মণ্ডলৰ গান, চাওক ভিডিঅ’

হিমেশ ৰেশামিয়াই বলীউদত প্ৰৱেশ কৰোৱা ৰাণু মণ্ডলে বলীউদৰ চিনেমাৰ বাবে ইতিমধ্যে গাইছে তিনিটা গান।

News18-Assam
Updated:September 29, 2019, 4:54 PM IST
এইবাৰ উদিত নাৰায়ণৰ সৈতে ৰাণু মণ্ডলৰ গান, চাওক ভিডিঅ’
হিমেশ ৰেশামিয়াই বলীউদত প্ৰৱেশ কৰোৱা ৰাণু মণ্ডলে বলীউদৰ চিনেমাৰ বাবে ইতিমধ্যে গাইছে তিনিটা গান।
News18-Assam
Updated: September 29, 2019, 4:54 PM IST
ছচিয়েল মিডিয়াৰ জৰিয়তে নিশাটোৰ ভিতৰতে তাৰকাত পৰিণত হোৱা ৰাণু মণ্ডলে এতিয়া এটাৰ পিছত আনটো গীতত কণ্ঠদান কৰিছে। হিমেশ ৰেশামিয়াই বলীউদত প্ৰৱেশ কৰোৱা ৰাণু মণ্ডলে বলীউদৰ চিনেমাৰ বাবে ইতিমধ্যে গাইছে তিনিটা গান। হিমেশ ৰেশামিয়াই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা উক্ত তিনিওটা গানে ব্যাপক সঁহাৰি লাভ কৰিছে। শেহতীয়াকৈ ৰাণু মণ্ডলে হিমেশৰ লগতে আন এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পীৰ সৈতে ৰেকৰ্ডিং কৰিছে এটা গীত। জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণৰ সৈতে এইবাৰ এটা গীতত কণ্ঠ নিগৰাইছে ৰাণু মণ্ডলে।

লগতে পঢ়ক ৰঙা শাৰীৰে ছানী লিয়নী!, ৰূপালী পৰ্দাত এইবাৰ নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে যুটী ছানীৰ

আচলতে, শেহতীয়াকৈ হিমেশ ৰেশামিয়াই ইনষ্টাগ্ৰাম একাউণ্টত আৰু এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত আকৌ এবাৰ নিজৰ যাদুকৰী কণ্ঠৰে দেখা গৈছে ৰাণু মণ্ডলক। এই গানটোত ৰাণু মণ্ডলৰ সৈতে দেখা গৈছে হিমেশ ৰেশামিয়া, উদিত নাৰায়ণ আৰু পায়েল দেৱক। গীতটো হিমেশৰ ‘হেপী হাৰ্ডী ঔৰ হীৰ’ ছবিখনৰ।

চাওক ভিডিঅ’ :




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি