কিছুদিন পূৰ্বে ৰে’ল ষ্টেচনত গান গোৱা এগৰাকী মহিলাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা নিশ্চয় আপোনাৰ মনত আছে। লতা মংগেশকাৰৰ ‘এক প্যাৰ কা নগমা...’ গীতটো গাই ভিক্ষা মাগিছিল মহিলাগৰাকীয়ে। কোনো লোকে মহিলাগৰাকীৰ গানৰ সেই ভিডিঅ’ ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছতে সলনি হৈছিল মহিলাগৰাকীৰ ভাগ্য।
Sony tv ত সম্প্ৰচাৰ হোৱা Singing Superstar ৰিয়েলিটি শ্ব’ত উপস্থিত হ’ল ছচিয়েল মিডিয়াৰ শেহতীয়া ‘Singing Sensation’ ৰাণু মণ্ডল। অনুষ্ঠানত ৰাণু মণ্ডলে শেহতীয়াকৈ মানুহৰ তেঁওৰ প্ৰতি মৰম দেখি অভিভূত হৈ পৰিছে বুলি মন্তব্য কৰে। লগতে তেঁও জীয়াই থাকিবৰ বাবে কৰা সংগ্ৰামখনৰ কথাও উল্লেখ কৰে ৰিয়েলিটি শ্ব’টোৰ মজিয়াতে। ৰাণু মণ্ডলৰ নাই নিজাকৈ ঘৰ। ৰেলৱে ষ্টেচনেই তেঁওৰ কাৰণে ঘৰ! আৰ্থিক দীনতাৰ বাবে ৰে’লত গীত গাই ভিক্ষা মাগি প্ৰতিদিনে পেটৰ ভোক নিবাৰন কৰে ৰাণু মণ্ডলে।
ৰাণু মণ্ডলে কোনো দিন কল্পনাই কৰা নাছিল ,তেঁওৰ জীৱনলৈ এনে এটা দিন আহিব বুলি! ৰাণুৰ জীৱন সংগ্ৰামৰ জীয়া ছবিখনৰ কথা জানিব পাৰি, আবেগিক হৈ পৰে সংগীত পৰিচালক হিমেশ ৰশমীয়া, কণ্ঠশিল্পী আলকা য়াগনিক আৰু জাভেদ আখতাৰ। অনুষ্ঠানতে হিমেশ ৰশমীয়াই ৰাণুক তেঁওৰ পৰৱৰ্তী ছবিত গীত গাবলৈও কৰে আনুৰোধ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|