ৰে’ল ষ্টেচনত গান গোৱা ৰেণুৰ বলীউদ যাত্ৰা, হিমেশ ৰেশমিয়াৰ সৈতে কণ্ঠ নিগৰালে ৰেণুৱে, চাওক ভিডিঅ’

হিমেশ ৰেশমিয়াই নিজৰ নতুন ছবিত গান গোৱাৰ সুবিধা প্ৰদান কৰিছে ৰাণু মণ্ডলক। শেহতীয়াকৈ হিমেশ ৰেশমিয়াৰ সৈতে ৰাণুৰ গানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

News18-Assam
Updated:August 23, 2019, 1:35 PM IST
ৰে’ল ষ্টেচনত গান গোৱা ৰেণুৰ বলীউদ যাত্ৰা, হিমেশ ৰেশমিয়াৰ সৈতে কণ্ঠ নিগৰালে ৰেণুৱে, চাওক ভিডিঅ’
হিমেশ ৰেশমিয়াই নিজৰ নতুন ছবিত গান গোৱাৰ সুবিধা প্ৰদান কৰিছে ৰাণু মণ্ডলক। শেহতীয়াকৈ হিমেশ ৰেশমিয়াৰ সৈতে ৰাণুৰ গানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।
News18-Assam
Updated: August 23, 2019, 1:35 PM IST
কিছুদিন পূৰ্বে ৰে’ল ষ্টেচনত গান গোৱা এগৰাকী মহিলাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা নিশ্চয় আপোনাৰ মনত আছে। লতা মংগেশকাৰৰ ‘এক প্যাৰ কা নগমা...’ গীতটো গাই ভিক্ষা মাগিছিল মহিলাগৰাকীয়ে। কোনো লোকে মহিলাগৰাকীৰ গানৰ সেই ভিডিঅ’ ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছতে সলনি হৈছিল মহিলাগৰাকীৰ ভাগ্য। সুন্দৰ কণ্ঠৰ অধিকাৰী এই মহিলাগৰাকীলৈ এতিয়া বলীউদৰ পৰাও আহিছে অফাৰ। আপুনি নিশ্চয় ধৰিব পাৰিছে যে আমি ৰাণু মণ্ডল নামৰ মহিলাগৰাকীৰ কথা ক’বলৈ লৈছো। শেহতীয়াকৈ ৰাণুৰ আন এটা ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ দেখিলে আচৰিত হ’ব আপুনি।

হিমেশ ৰেশমিয়াই নিজৰ নতুন ছবিত গান গোৱাৰ সুবিধা প্ৰদান কৰিছে ৰাণু মণ্ডলক। শেহতীয়াকৈ হিমেশ ৰেশমিয়াৰ সৈতে ৰাণুৰ গানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’টোত ৰাণুৱে নিজৰ যাদুকৰী কণ্ঠৰে গান গাই থকা দেখা গৈছে। কাষতে থিয় হৈ থকা হিমেশ ৰেশমিয়াই ৰাণুৰ গান শুনি মুগ্ধ হোৱা দেখা গৈছে। হিমেশে ছচিয়েল মিডিয়াত এই ভিডিঅ’টো শ্বেয়াৰ কৰি কৈছে যে ‘তেৰী মেৰী কাহানী’ শীৰ্ষক এই গানটো তেওঁৰ আহিবলগীয়া ছবি ‘হেপ্পী হাৰ্ডী ঔৰ হীৰ’ৰ। যিটো তেওঁ ৰাণুৰ সৈতে বাণীবদ্ধ কৰিছে।




ইয়াৰ উপৰি ৰাণুক ‘ছুপাৰষ্টাৰ ছিংগাৰ’ নামৰ এক ৰিয়েলিটী শ্ব’তো দেখা যাব। এই ৰিয়েলিটী শ্ব’ত হিমেশ আৰু বিচাৰকৰ সৈতে অংশ ল’ব ৰাণুৱে।



ৰাণুৰ প্ৰতি আকৰ্ষিত হৈ হিমেশ ৰেশমিয়াই কয় – ‘ছলমান খানৰ পিতৃ ছেলিম খুৰাই এবাৰ মোক উপদেশ দিছিল যে যেতিয়াই তুমি জীৱনত কোনো প্ৰতিভাসম্পন্ন লোকক লগ পোৱা তেওঁক যাবলৈ নিদিবা।’ ইফালে, ৰাণু মণ্ডলে কয় যে ‘এয়া মোৰ দ্বিতীয় জীৱন আৰু মই ইয়াক অধিক সুন্দৰ কৰাৰ চেষ্টা কৰিম।’
আৰু চাওক পৰৱৰ্তী বাতৰি