হিমেশ ৰেশামিয়াৰ সৈতে তৃতীয়টো গান ৰাণু মণ্ডলৰ, শুনিলে অবাক হ’ব আপুনি

‘তেৰী মেৰী কাহানী’ আৰু ‘আদত’ শীৰ্ষক গান দুটাৰ পিছত হিমেশ ৰেশামিয়াই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৰাণুৰ সৈতে তৃতীয়টো গানৰ ভিডিঅ’।

News18-Assam
Updated:September 3, 2019, 11:18 AM IST
হিমেশ ৰেশামিয়াৰ সৈতে তৃতীয়টো গান ৰাণু মণ্ডলৰ, শুনিলে অবাক হ’ব আপুনি
‘তেৰী মেৰী কাহানী’ আৰু ‘আদত’ শীৰ্ষক গান দুটাৰ পিছত হিমেশ ৰেশামিয়াই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৰাণুৰ সৈতে তৃতীয়টো গানৰ ভিডিঅ’।
News18-Assam
Updated: September 3, 2019, 11:18 AM IST
ৰে’লৱে ষ্টেচনত গান গোৱা ৰাণু মণ্ডল এতিয়া তাৰকা। ৰাণুক বলীউদ যাত্ৰাৰ পথ দেখুওৱা হিমেশ ৰেশামিয়াই ৰাণুৰ সৈতে এটাৰ পিছত আনটো গান বাণীবদ্ধ কৰিছে। ‘তেৰী মেৰী কাহানী’ আৰু ‘আদত’ শীৰ্ষক গান দুটাৰ পিছত হিমেশ ৰেশামিয়াই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৰাণুৰ সৈতে তৃতীয়টো গানৰ ভিডিঅ’।

এই নতুন গানটোত পূৰ্বতকৈ অধিক আত্মবিশ্বাসী ৰূপত দেখা গৈছে ৰাণু মণ্ডলক। হিমেশৰ কাষত থিয় হৈ নিজৰ গান উপভোগ কৰা দেখা গৈছে ৰাণুক। হিমেশ ৰেশামিয়াই এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে – ‘আহিবলগীয়া গান ‘আশিকী মে তেৰী’ৰ দৃশ্য। প্ৰতিটো গানৰ সৈতে ৰাণুৰ বহুমুখী প্ৰতিভা আৰু আত্মবিশ্বাস বৃদ্ধি পাইছে। তেওঁৰ মুখত হাঁহি বিৰিঙোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।’

এই গানটো ১৩ বছৰ পূৰ্বে অৰ্থাৎ ২০০৬ চনত মুক্তিলাভ কৰা ছবি ‘৩৬ চাইনা টাউন’ৰ গান ‘আশিকী মে তেৰী’ৰ ৰিমেক। চাওক ৰাণু মণ্ডলৰ নতুন গানৰ ভিডিঅ’।




প্ৰতিটো গানৰ দৰেই ৰাণু মণ্ডলৰ এই গানটোৱেও আদৰি লৈছে সকলোৱে। সকলো যেন এতিয়া ৰাণু মণ্ডলৰ অনুৰাগী হৈ পৰিছে। উল্লেখযোগ্য যে ৰাণু মণ্ডলে হিমেশ ৰেশামিয়াৰ ছবি ‘হেপী হাৰ্ডী ঔৰ হীৰ’ৰ বাবে কণ্ঠদান কৰিছে। এতিয়ালৈ ৰাণু মণ্ডলৰ তিনিটা গান পোহৰলৈ আহিছে।




এয়াও পঢ়ক : মোৰ জন্ম ভাল ঘৰতে হৈছিল, কিন্তু...!! আবেগিক হৈ পৰিল ৰাণু মণ্ডল

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি