সঁচাকৈ ছলমান খানৰ সৈতে গান গাইছেনে ৰাণু মণ্ডলে? কিমান সঁচা এই কথা?

ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’টোত ৰাণু মণ্ডলক ছলমান খানৰ সৈতে গীত গোৱা বুলি দেখুওৱা হৈছে।

News18-Assam
Updated:September 8, 2019, 5:37 PM IST
সঁচাকৈ ছলমান খানৰ সৈতে গান গাইছেনে ৰাণু মণ্ডলে? কিমান সঁচা এই কথা?
ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’টোত ৰাণু মণ্ডলক ছলমান খানৰ সৈতে গীত গোৱা বুলি দেখুওৱা হৈছে।
News18-Assam
Updated: September 8, 2019, 5:37 PM IST
বৰ্তমান সময়ত ইণ্টাৰনেটত কেৱল ৰাণু মণ্ডলৰ চৰ্চা। ৰাণু মণ্ডলক লৈ ইণ্টাৰনেটত বিয়পিছে বহু ভুৱা খবৰ। কেতিয়াবা যদি ৰাণু মণ্ডলৰ পুত্ৰৰ খবৰ আহিছে, কেতিয়াবা ৰাণুৰ কোনো দাবীক লৈ চৰ্চা চলিছে। কিন্তু এইবাৰ আন এটা বিষয় চৰ্চালৈ আহিছে। ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’টোত ৰাণু মণ্ডলক ছলমান খানৰ সৈতে গীত গোৱা বুলি দেখুওৱা হৈছে। যদি আপুনি এই ভিডিঅ’টো চাইছে তেন্তে আপুনিও ক’ব এয়া মিছা।

এই ভিডিঅ’টোত ছলমান খানক এটা ৰেকৰ্ডিং ষ্টুডিঅ’ত দেখা গৈছে। কোনো গীতত কণ্ঠ নিগৰোৱাৰ চেষ্টা কৰিছে ছলমানে। ইয়াৰ মাজতে ছলমানে কয় – ‘মোক অলপ গানটো শুনাই দিয়া’। ছলমান খানৰ এই কথাখিনিৰ পিছতে ৰাণু মণ্ডলৰ কণ্ঠ শুনিবলৈ পোৱা গৈছে আৰু এডিট কৰি তাত ৰাণু মণ্ডলৰ ভিডিঅ’ লগাই দিয়া হৈছে, যিটো ভিডিঅ’ত হিমেশ ৰেশামিয়াৰ সৈতে আছিল ৰাণু মণ্ডল। এই এডিটেড ভিডিঅ’টো ভাইৰেল ০৭ নামৰ ফেচবুক পেজত শ্বেয়াৰ কৰা হৈছিল। কেইবা হাজাৰ লোকে এই ভিডিঅ’টো প্ৰত্যক্ষ কৰিছে। এই ভিডিঅ’টো সম্পূৰ্ণ নকল। কিয়নো এতিয়ালৈকে ছলমান খানে ছচিয়েল মিডিয়াৰ জৰিয়তে তাৰকা হৈ পৰা ৰাণু মণ্ডলক লগ পোৱা নাই। ৰাণুৰ সৈতে কোনো কাম কৰাৰো প্ৰতিশ্ৰুতি দিয়া নাই ছলমানে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি