দুৰ্গা পূজাৰ সাংস্কৃতিক মঞ্চত ৰাণু মণ্ডল!

ৰাণু মণ্ডলে এইবাৰ সাজু হৈছে দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশনৰ বাবে।

News18-Assam
Updated:October 6, 2019, 5:59 PM IST
দুৰ্গা পূজাৰ সাংস্কৃতিক মঞ্চত ৰাণু মণ্ডল!
Photo : Facebook
News18-Assam
Updated: October 6, 2019, 5:59 PM IST
হিমেশ ৰেশমীয়াৰ ছবিত গীত গাই একে ৰাতিতে জনপ্ৰিয় হৈ পৰা বলীউডৰ নৱতম Singing Sensation ৰাণু মণ্ডলে এইবাৰ সাজু হৈছে দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশনৰ বাবে। ইতিমধ্যে হিমেশ ৰেশমীয়াৰ ছবিত গীত গাই নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা ৰাণু মণ্ডললৈ এতিয়া আহিছে ইখনৰ পিছত সিখন ছবিত গীত গোৱাৰ অফাৰ। সেইদৰে কুমাৰ ছানু আৰু উদিত নাৰায়নৰ দৰে বিশিষ্ট কণ্ঠশিল্পীয়েও ৰাণুৰ সৈতে গীত গাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তাৰ মাজতে ৰাণু মণ্ডল এতিয়া সাজু হৈছে দুৰ্গা পূজাৰ মঞ্চত গীত পৰিবেশনৰ বাবে। এইবাৰ দুৰ্গা পূজাত ৰাণু মণ্ডলে কলিকতাৰ  কেইবাখনো মঞ্চত গীত পৰিবেশন কৰিব। খবৰ অনুসৰি ৰাণু মণ্ডলে দশমীৰ দিনা কলিকতাৰ এটা ক্লাবে আয়োজন কৰা পূজাত গীত পৰিবেশন কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি