‘ৰাণু মণ্ডল ইজ বেক’– হিমেশৰ লগত নতুন গীত গাই আকৌ ভাইৰেল ৰাণু মণ্ডল, চাওক Video

News18 Assam | News18-Assam
Updated:February 6, 2020, 7:42 PM IST
‘ৰাণু মণ্ডল ইজ বেক’– হিমেশৰ লগত নতুন গীত গাই আকৌ ভাইৰেল ৰাণু মণ্ডল, চাওক Video
আকৌ চৰ্চাত ৰাণু মণ্ডল

আকৌ চৰ্চাত ৰাণু মণ্ডল

  • Share this:
আকৌ চৰ্চাত ৰাণু মণ্ডল। আকৌ এবাৰ হিমেশ ৰেশমিয়াৰ সৈতে ৰাণু মণ্ডলে গালে গীত। ‘হ্যাপি হাৰডি’ ছবিৰ নতুন গীত ‘নজদিকিয়া’ গাইছে ৰাণু মণ্ডলে। ৰাণু মণ্ডল এতিয়া ষ্টাৰ। ৰে’ল ষ্টেচনৰ পৰা বলীউদলৈকে ৰাণু মণ্ডলৰ যাত্ৰা কোনে নাজানে। গীতৰ লগতে ৰাজহুৱাকৈ বিশেষ কিছু মন্তব্য কৰি প্ৰায়ে চৰ্চাত থাকে ৰাণু মণ্ডল।

ৰে’ল ষ্টেচনত গান গাই পেটৰ ক্ষুধা নিবাৰণ কৰা ৰাণু আজি বলীউদৰ নেপথ্য কণ্ঠশিল্পী। ইতিমধ্যে ৰাণু মণ্ডলে হিমেশ ৰেশমিয়াৰ ছবিৰ বাবে কণ্ঠদান কৰিছে তিনিটাকৈ গীতত। প্ৰতিটো গীতৰ ভিডিঅ’ হিমেশ ৰেশমিয়াই শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

শুনক ৰাণু মণ্ডলৰ নতুন গীত

আৰু চাওক
পৰৱৰ্তী বাতৰি