পুৰ্ণগতিত চলিছে ৰাণু মণ্ডলৰ ‘বায়’পিক’ৰ কাম, ব্যস্ত ৰাণু মণ্ডল সংবাদ মাধ্যমৰ পৰাও দূৰত

News18-Assam
Updated:October 21, 2019, 8:44 PM IST
পুৰ্ণগতিত চলিছে ৰাণু মণ্ডলৰ ‘বায়’পিক’ৰ কাম, ব্যস্ত ৰাণু মণ্ডল সংবাদ মাধ্যমৰ পৰাও দূৰত
Photo : Facebook

পশ্চিম বংগৰ ৰাণাঘাট ৰে’ল ষ্টেচনৰ পৰা বলীউদত খোজ দিয়া ৰাণু মণ্ডল বিগত কিছুদিন ধৰি ইণ্টাৰনেট চাঞ্চল্য হৈ পৰিছিল।

  • Share this:
ৰাণু মণ্ডল। সমগ্ৰ দেশৰ বাবে এক অতি চিনাকী নাম। পশ্চিম বংগৰ ৰাণাঘাট ৰে’ল ষ্টেচনৰ পৰা বলীউদত খোজ দিয়া ৰাণু মণ্ডলৰ জীৱনৰ ধাৰাৰত নিৰ্মাণ কৰা হৈছে এখন বায়পিক। যাৰ ফলত এতিয়া অত্যন্ত ব্যস্ত ৰাণু মণ্ডল। বলীউডৰ ছবিত গীত গোৱাৰ অফাৰ আহিছে যদিও এতিয়া সময় দিব পৰা নাই ৰাণু মণ্ডলে। এই কেইদিন সংবাদ মাধ্যমৰ পৰা দূৰত আছে ৰাণু মণ্ডল।

আপুনি জানি আচৰিত হ’ব যে এইকেইদিনত ৰাণু মণ্ডলে বহু কাম কৰি আছে। কিছুদিন পূৰ্বে ৰাণু মণ্ডলে নিজৰ এটা ফেচবুক পেজ খুলিছে। পেজত নিয়মীয়াকৈ নিজৰ বিষয়ে উল্লেখ কৰিছে ৰাণু মণ্ডলে। নিজৰ পেজত ২ লাখতকৈ অধিক লোকে লাইক কৰিছে। ৰাণুক এই পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰা অতিন্দ্ৰ চক্ৰৱৰ্তীয়ে ফেচবুক লাইভৰ জৰিয়তে ৰাণুৰ বিষয়ে সকলো কথা জনাইছে। ৰাণুৰ আহিবলগীয়া নতুন গানৰ কথাও উল্লেখ কৰিছে অতিন্দ্ৰই।
আৰু চাওক
পৰৱৰ্তী বাতৰি