ল’ক ডাউনৰ সময়ত আমনি লাগিছে নেকি? শনিবাৰৰ পৰা পুনৰ সম্প্ৰচাৰিত হ’ব ‘ৰামায়ণ’

News18 Assam | News18-Assam
Updated:March 27, 2020, 12:50 PM IST
ল’ক ডাউনৰ সময়ত আমনি লাগিছে নেকি? শনিবাৰৰ পৰা পুনৰ সম্প্ৰচাৰিত হ’ব ‘ৰামায়ণ’
এই কথা ঘোষণা কৰিছে  কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে

এই কথা ঘোষণা কৰিছে  কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে

  • Share this:
এতিয়া সকলো গৃহবন্দী। ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ এতিয়া দেশৰ সকলো ঘৰতেই আবদ্ধ হৈ আছে। বৰ্তমান একেৰাহে ঘৰত সোমাই থকাতো বহুতৰে বাবে হৈ পৰিছে কঠিন কাম। দিনৰ দিনটো ঘৰত আবদ্ধ হৈ থকা দেশৰ নাগৰিকক এতিয়া কিছু পৰিমাণে মনোৰঞ্জনৰ দিয়াৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

ৰাইজৰ বিপুল দাবীত শনিবাৰৰ পৰা  দূৰদৰ্শনত ৰামানন্দ সাগৰৰ মেগা ধাৰাবহিক ‘ৰামায়ণ’ পুনৰ এবাৰ সম্প্ৰচাৰিত হ’ব। এই কথা ঘোষণা কৰিছে  কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে। টুইটাৰত মন্ত্ৰীগৰাকীয়ে লিখিছে যে, ‘‘জনতাৰ দাবীৰ প্ৰতি সহাৰি জনাই শনিবাৰ অৰ্থাৎ ২৮ মাৰ্চৰ পৰা দূৰদৰ্শনৰ নেশ্যনেল চেনেলত  পুনৰ সম্প্ৰচাৰিত হ’ব ‘ৰামায়ণ’। প্ৰথম এপিচড ৰাতিপুৱা ৯ বজাত আৰু দ্বিতীয় এপচড নিশা ৯ বজাত।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading