জনপ্ৰিয়তাৰ শীৰ্ষত ৰামায়ণ, গঢ়িছে ইটোৰ পিছত সিটো ৰেকৰ্ড

News18 Assam | News18-Assam
Updated:May 1, 2020, 11:11 PM IST
জনপ্ৰিয়তাৰ শীৰ্ষত ৰামায়ণ, গঢ়িছে ইটোৰ পিছত সিটো ৰেকৰ্ড
বিশ্বৰ অধিক লোকৰ পচন্দ ৰমানন্দ সাগৰৰ 'ৰামায়ণ'

বিশ্বৰ অধিক লোকৰ পচন্দ ৰমানন্দ সাগৰৰ 'ৰামায়ণ'

  • Share this:
দেশত এতিয়া কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। তাৰ মাজতে কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ দেশত ১৭ মে’ লৈকে বৃদ্ধি কৰা হৈছে ল’ক ডাউন। তলাবন্ধৰ এই সময়ছোৱাত মানুহৰ সংগী হৈ পৰিছে মোবাইল আৰু টিভি ৷

কোনোবাই যদি ভিডিঅ' বনাই আপলোড কৰিছে আন কোনোবাই নিজক ব্যস্ত ৰাখিছে টিভিৰ সন্মুখত ৷ ইয়াৰ মাজতে টিভিৰ কোনটো শ্ব'ই কাক মুগ্ধ কৰিছে তাকে লৈ চলিছে চৰ্চা ৷ ৰমানন্দ সাগৰৰ তাহানিৰ ৰামায়ণে লাভ কৰিছে ব্যাপক চৰ্চা ৷

ল’ক ডাউনৰ সময়ছোৱাত দূৰদৰ্শনত দ্বিতীয়বাৰৰ বাবে ৰামায়ণ সম্প্ৰচাৰিত হোৱাৰ পিছত ধাৰাবাহিকখনে বিশ্বজুৰি ৰেকৰ্ড ভংগ কৰিলে। ১৬ এপ্ৰিলত ৭.৭ কোটি লোকে ৰামায়ণ চোৱাৰ পিছত সমগ্ৰ বিশ্বত এই শ্ব’টো আটাইতকৈ অধিক এণ্টাৰটেইনমেণ্ট শ্ব' হিচাপে বিবেচিত হৈছে ৷

ল’কডাউনত ঘৰতে বন্দী হৈ থকা লোকৰ মনোৰঞ্জনৰ বাবে ৰামানন্দ সাগৰৰ ৰামায়ণ দ্বিতীয়বাৰলৈ সম্প্ৰচাৰিত কৰা হ’ল। লকডাউনত ৰাইজে এই ধাৰাবাহিকখন যথেষ্ট উপভোগ কৰিছে। এই শ্ব’টোৰ টেলিভিছন ৰেটিং পইণ্ট শীৰ্ষত । এই তথ্য দূৰদৰ্শন চেনেলে টুইটাৰযোগে সদৰি কৰিছে ৷
Published by: Himangshu Bhuyan
First published: May 1, 2020, 11:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading