‘আৰে ৰাম জী, ইয়াত আপুনি কি কৰিছে’ ভগৱান ৰামে শেষ কৰিলে এজন অভিনেতাৰ কেৰিয়াৰ!

News18 Assam | News18-Assam
Updated:February 1, 2020, 4:45 PM IST
‘আৰে ৰাম জী, ইয়াত আপুনি কি কৰিছে’ ভগৱান ৰামে শেষ কৰিলে এজন অভিনেতাৰ কেৰিয়াৰ!
Source-Google

অভিনেতা জনৰ নাম অৰুণ গোভিল। ৮০ৰ দশকত ৰামায়ণ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰিছিল অৰুণে।

  • Share this:
শান্ত, সমাহিত, দেখিলেই ভক্তি ভাব উপচি পৰা  এটা চৰিত্ৰ! ৮০, ৯০ দশকত জন্মলাভ কৰা দেশৰ প্ৰায় প্ৰতিজনক ভগৱান ৰামৰ বিষয়ে সুধিলে প্ৰথমেই তেওঁৰ চেহেৰাটোৱেই আহিছিল মনলৈ।

৮০ৰ দশকত ৰামায়ণ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হোৱা অভিনেতা জনৰ নাম অৰুণ গোভেল। কিন্তু ৰামৰ চৰিত্ৰত অভিনয় কৰাই যেন কাল হ’ল অভিনেতাজনৰ বাবে! ভগৱানৰ চৰিত্ৰত অভিনয় কৰা অৰুণক এতিয়া অন্য চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰিব নোৱাৰা হ’ল কোনো পৰিচালক, প্ৰযোজকে।



ৰামায়ণ শেষ হোৱাৰ পিছত অভিনেতা অৰুণ বলীউদলৈ উভতি যাব বিচাৰিছিল। কিন্তু ছবি নিৰ্মাতাৰ ওচৰলৈ গ’লেই তেওঁক কোৱা হৈছিল– ‘তোমাৰ Image ভগৱান ৰামৰ। তোমাক অন্য কোনো চাপৰ্টিঙ কেৰেক্টাৰত চাব নোৱাৰো।’

তেওঁ লগতে কয় যে, ‘ছবি নিৰ্মাতা সকলে ভাবে যে, মই কোনো বানিজ্যিক ছবিৰ বাবে ফিট নহয়। এতিয়া মই বিচাৰিলেও, মই ছবিত অভিনয় কৰিব নোপোৱা হ’লো। মাজতে দুই এখন ধাৰাবাহিকত মই সুবিধা পাইছিলো। কিন্তু মই সফল হ’ব নোৱাৰিলো, কাৰণ মানুহে কয়, ‘আৰে ৰাম জী, ইয়াত কি কৰিছে আপুনি?’

আৰু চাওক
পৰৱৰ্তী বাতৰি