ছলমান খানক কিয় মেছেজ কৰিলে ৰাখীয়ে? ‘বিগ বছ’ত স্বামীৰ সৈতে দেখা যাব নেকি ৰাখীক?

‘বিগ বছ’ত অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা নিজেই প্ৰকাশ কৰিছে ৰাখীয়ে।

News18-Assam
Updated:September 8, 2019, 10:48 AM IST
ছলমান খানক কিয় মেছেজ কৰিলে ৰাখীয়ে? ‘বিগ বছ’ত স্বামীৰ সৈতে দেখা যাব নেকি ৰাখীক?
‘বিগ বছ’ত অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা নিজেই প্ৰকাশ কৰিছে ৰাখীয়ে।
News18-Assam
Updated: September 8, 2019, 10:48 AM IST
সদায় চৰ্চাত থাকি ভাল পায় অভিনেত্ৰী ৰাখী সাৱন্ত। ৰাখীয়ে এনেকুৱা কিছুমান কাম কৰে যিটো চৰ্চালৈ নহাকৈ থাকিবই নোৱাৰে। শেহতীয়াকৈ ৰাখীয়ে ঘোষণা কৰিছে যে ছলমান খানৰ সৈতে তেওঁ ‘ছপ্পন ছুৰী’ গানটোত অভিনয় কৰিব। ৰাখীৰ মতে, বিগ বছত তেওঁ ছলমান খানৰ সৈতে অপেনিং এক্ট কৰিব। এই খবৰৰ পিছতে আশা কৰা হৈছে যে এই শ্ব’তে দেখা যাব পাৰে ৰাখীৰ স্বামী ৰিতেশক।

ৰাখীৰ স্বামী ৰিতেশক এইকাৰণেই দেখা যাব বুলি অনুমান কৰা হৈছে কাৰণ ইয়াৰ ইংগিত ৰাখীয়ে নিজেই দিছিল। ফিল্মীবিটত প্ৰকাশিত খবৰ অনুসৰি, ৰাখীক সোধা হৈছিল যে তেওঁৰ স্বামী সংবাদ মাধ্যমৰ সন্মুখলৈ কেতিয়া আহিব? তেতিয়া ৰাখীয়ে কৈছিল যে তেওঁৰ স্বামীক কেৱল ছলমান খান আৰু কৰন জোহৰৰ শ্ব’তহে দেখা যাব। বৰ্তমান কৰন জোহৰৰ শ্ব’ বন্ধ হৈ আছে। কিন্তু ‘বিগ বছ’ শীঘ্ৰে আৰম্ভ হ’ব। এতিয়া যদিহে ‘বিগ বছ’ত যদিহে ৰাখী অতিথি হিচাপে উপস্থিত থাকে, তেন্তে ৰেতিশকো দেখা যাব পাৰে ৰাখীৰ সৈতে।

‘বিগ বছ’ত অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা নিজেই প্ৰকাশ কৰিছে ৰাখীয়ে। এটা ভিডিঅ’ত ৰাখীয়ে কয় যে ছলমান আৰু কালাৰ্ছ টিভিয়ে ৰাখীক সেউজ সংকেত দিছে। শীঘ্ৰে ৰাখীয়ে অপেনিং এক্ট প্ৰস্তুত কৰিব। এতিয়া ৰাখী সাৱন্তৰ এই দাবী কিমান সঁচা সেয়া সময়তহে দেখা যাব।




 





View this post on Instagram





 

A post shared by Rakhi Sawant (@rakhisawant2511) on





NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি