Sushant Singh Rajput : ৰাখী সাৱন্তেও সুঁৱৰিলে সুশান্ত সিং ৰাজপুতক। ক'লে 'মইও হেনো এসময়ত আছিলোঁ সুশান্তৰ ক্ৰাছ' !

News18 Assam | News18-Assam
Updated:June 14, 2021, 8:58 PM IST
Sushant Singh Rajput : ৰাখী সাৱন্তেও সুঁৱৰিলে সুশান্ত সিং ৰাজপুতক। ক'লে 'মইও হেনো এসময়ত আছিলোঁ সুশান্তৰ ক্ৰাছ' !
"মই হেনো সুশান্ত সিং ৰাজপুতৰ ক্ৰাছ আছিলোঁ"। ৰাখী সাৱন্তৰ মন্তব্য।

ৰাখীয়ে প্ৰাৰ্থনা কৰে যাতে ঈশ্বৰে সুশান্তক সৰগত সুন্দৰকৈ ৰাখে আৰু যেতিয়া পৰলোকত ৰাখীয়ে সুশান্তক লগ পাব তেতিয়া ক'ব, "হাই সুশান্ত, লেট্ছ ডান্স"। 

  • Share this:
প্ৰয়াত প্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতক আজি সমগ্ৰ দেশবাসীয়ে সুঁৱৰিছে। বলীউডৰ অন্য তাৰকাসকলৰ লগতে সুশান্তক সুঁৱৰিলে ৰাখী সাৱন্তেও। প্ৰথম মৃত্যু বাৰ্ষিকীত সুশান্তৰ সৈতে একেলগে কৰা অভিনয়ৰ স্মৃতি ৰোমন্থন কৰিলে ৰাখীয়ে। ছুটিঙৰ মাজতে এবাৰ ৰাখী হেনো সুশান্তৰ ক্ৰাছ বুলি কৈছিল। অলপতে ৰাখীয়ে কৈছিল যে 'জাৰা নাছকে দিখা' ছবিখনৰ ছুটিঙৰ সময়ত সুশান্তই হেনো কৈছিল, "ৰাখী তুমি মোৰ ক্ৰাছ"। কিন্তু সেই সময়ত ক্ৰাছ মানে কি বুজি পোৱা নাছিল হেনো ৰাখীয়ে।

ৰাখীয়ে কয় যে সুশান্তই হেনো ৰাখীৰ পৰদেশীয়া গানটো বহুত ভাল পাইছিল আৰু দুয়োজনেই সমবয়সীয়া বুলি কৈ হেনো ধেমালি কৰিছিল। ছুটিঙৰ ছেটট সুশান্ত সদায় হাঁহিমুখিয়া আছিল বুলি উল্লেখ কৰি ৰাখীয়ে কয় যে সুশান্তে মস্তি কৰি ভাল পাইছিল।

ৰাখীয়ে আৰু কয় যে সুশান্ত যে নাই এই কথাটো বিশ্বাস কৰিবলৈ মন নাযায়। ৰাখীয়ে প্ৰাৰ্থনা কৰে যাতে ঈশ্বৰে সুশান্তক সৰগত সুন্দৰকৈ ৰাখে আৰু যেতিয়া পৰলোকত ৰাখীয়ে সুশান্তক লগ পাব তেতিয়া ক'ব, "হাই সুশান্ত, লেট্ছ ডান্স"।
Published by: Manjumoni Borah
First published: June 14, 2021, 8:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি