অনুৰাগীৰ সৈতে বিয়াত বহিল এইগৰাকী অভিনেত্ৰী

অৱশেষত বিয়াত বহাৰ কথা মানি ল’লে প্ৰায়ে বিতৰ্কলৈ অহা ৪০ বৰ্ষীয় অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয় যে তেওঁৰ পতিৰ নাম ৰিতেশ, ইউৰোপত থাকে তেওঁৰ পতি

News18-Assam
Updated:August 5, 2019, 5:09 PM IST
অনুৰাগীৰ সৈতে বিয়াত বহিল এইগৰাকী অভিনেত্ৰী
অৱশেষত বিয়াত বহাৰ কথা মানি ল’লে প্ৰায়ে বিতৰ্কলৈ অহা ৪০ বৰ্ষীয় অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয় যে তেওঁৰ পতিৰ নাম ৰিতেশ, ইউৰোপত থাকে তেওঁৰ পতি
News18-Assam
Updated: August 5, 2019, 5:09 PM IST
গোপনে অনুৰাগীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্ত। পূৰ্বে বহুবাৰ নাকচ কৰিছিল যদিও অৱশেষত বিয়াত বহাৰ কথা মানি ল’লে প্ৰায়ে বিতৰ্কলৈ অহা ৪০ বৰ্ষীয় অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয় যে তেওঁৰ পতিৰ নাম ৰিতেশ, ইউৰোপত থাকে তেওঁৰ পতি। বিয়াৰ পিছতে ৰাখী সাৱন্তৰ পতি পুনৰ উভতি গৈছে বিদেশলৈ।

ৰাখী সাৱন্তো বিদেশলৈ যাবৰ বাবে সাজু
ৰাখী সাৱন্তে কয় যে মই মোৰ ভিছাৰ বাবে অপেক্ষা কৰি আছো, মোৰ পতি বিয়াৰ পিছতেই গুচি গ’ল, ময়ো অতি কম সময়ৰ ভিতৰতে গুচি যামগৈ তেওঁৰ ওচৰলৈ। অৱশ্যে বলীউড আৰু টিভিত সাক্ষাৎকাৰৰ কামৰ বাবে ভাৰতলৈ আহি থাকিম মই।

কিদৰে মিলন ঘটে দুয়োৰে?
৪০ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কয় যে মোৰ এক সাক্ষাৎকাৰ চোৱাৰ পিছত মোৰ অনুৰাগী হৈ পৰিছিল ৰিতেশ। আৰু এই কথা গম পাই তেখেতৰ সৈতে কথা–বতৰা আৰম্ভ কৰিলো মই। তেওঁৰ বিষয়ে সকলো জানি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো যে তেঁৱেই মোৰ পতি হওক। আৰু সেই মনোকামনা পূৰ হ’ল মোৰ। দুয়োৰে বিয়াক লৈ ৰাখী সাৱন্তৰ ভাতৃ আৰু মাতৃ যথেষ্ট সুখী বুলিও কয় অভিনেত্ৰীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি