‘লুডো’ৰ বাবে সুন্দৰীৰ ৰূপ ল’লে এইগৰাকী বলীউদ অভিনেতাই, চিনিব পাৰিছেনে?

News18 Assam | News18-Assam
Updated:January 2, 2020, 3:29 PM IST
‘লুডো’ৰ বাবে সুন্দৰীৰ ৰূপ ল’লে এইগৰাকী বলীউদ অভিনেতাই, চিনিব পাৰিছেনে?
মেক–আপৰ জৰিয়তে সুন্দৰীৰ ৰূপ লৈছে অভিনেতাজনে। আচৰিতভাৱে ফটোত অভিনেতাজনক চিনিব পৰাটো প্ৰায় অসম্ভৱ।

মেক–আপৰ জৰিয়তে সুন্দৰীৰ ৰূপ লৈছে অভিনেতাজনে। আচৰিতভাৱে ফটোত অভিনেতাজনক চিনিব পৰাটো প্ৰায় অসম্ভৱ।

  • Share this:
২০২০ চন আৰম্ভ হোৱাৰ লগে লগে চৰ্চালৈ আহিছে কেইবাখনো বলীউদৰ ছবি। এই ছবিসমূহৰ ভিতৰত আছে ৰাজকুমাৰ ৰাওৰ আহিবলগীয়া ছবি ‘লুডো’। শেহতীয়াকৈ ৰাজকুমাৰ ৰাৱে ‘লুডো’ৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছে। কিন্তু ফাৰ্ষ্ট লুকত নায়কৰ লগতে নায়িকাৰ ৰূপতো দেখা গৈছে ৰাজকুমাৰক। মেক–আপৰ জৰিয়তে সুন্দৰীৰ ৰূপ লৈছে অভিনেতাজনে। আচৰিতভাৱে ফটোত ৰাজকুমাৰ ৰাওক চিনিব পৰাটো প্ৰায় অসম্ভৱ।

শেহতীয়াকৈ ৰাজকুমাৰ ৰাৱে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে দুখন ফটো। প্ৰথমখন ফটোত ছোৱালীৰ ৰূপত দেখা গৈছে অভিনেতাজনক।



দ্বিতীয়খন ফটোত দীঘল চুলিৰে বাইকত উঠি প’জ দিয়া দেখা গৈছে। তেওঁৰ বাইকত অভিনেতা মিথুন চক্ৰৱৰ্তীৰ সংলাপ ‘কোই শ্বক’ৰ সৈতে তেওঁৰ ফটোও দেখা গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি