পৰ্ন ছবি নিৰ্মাণ আৰু ম'বাইলেৰে প্ৰসাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰাজ কুন্দ্ৰাৰ ওপৰত। মুম্বাই আৰক্ষীয়ে দাবী কৰিছিল যে শিল্পা চেট্টীৰ স্বামীক সোমবাৰে নিশা একাধিক প্ৰমাণ সংগ্ৰহ কৰাৰ পিছতহে গ্ৰেপ্তাৰ কৰা হৈছিল।
এই বাতৰিক লৈ বিনোদন জগতত সৃষ্টি হৈছে ধুমুহা। ইয়াৰ মাজতে ৰাজৰ দুটা পুৰণি টুইটক লৈ চলিছে চৰ্চা। ইয়াৰে এটাত ৰাজে নেটত 'পৰ্ণ বনাম যৌন বৃত্তি'ৰ বিষয়ে কৈছিল। ২০১২ চনৰ এটা টুইটত ৰাজে পতিতা বৃত্তি আৰু চলচ্চিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। ৰাজৰ স্পষ্ট প্ৰশ্ন আছিল, কেমেৰাৰ সন্মুখত পৰ্ন চলচ্চিত্ৰত কৰা অভিনয় আৰু পতিতাবৃত্তি ক'ত পৃথক?
ৰাজৰ দ্বিতীয় টুইটটো আছিল আৰু বেছি মাৰাত্মক। তাত ব্যৱসায়ীজনে লিখিছিল– 'অভিনেতাই ক্ৰিকেট খেলে, ক্ৰিকেটাৰে ৰাজনীতিত নামে, ৰাজনীতিকসকলে পৰ্ন চায় আৰু পৰ্ন তাৰকাসকল অভিনেতা হৈ পৰে!'
ৰাজক গ্ৰেপ্তাৰ কৰাৰ পিছতে ২০১২ৰ এই টুইট হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। ইয়াকে লৈ ছ'চিয়েল মিডিয়াত সহস্ৰ মতামত প্ৰকাশ কৰা দেখা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|