মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Raj Kundra Viral Video : কপিল শৰ্মাই যেতিয়া সুধিছিল ৰাজ কুন্দ্ৰাক-একো নকৰাকৈ কেনেকৈ ইমান টকা ইনকাম কৰে কেনেকৈ? চাওক ভিডিঅ'

Raj Kundra Viral Video : কপিল শৰ্মাই যেতিয়া সুধিছিল ৰাজ কুন্দ্ৰাক-একো নকৰাকৈ কেনেকৈ ইমান টকা ইনকাম কৰে কেনেকৈ? চাওক ভিডিঅ'

News18 Assam | News18-Assam
Updated:July 20, 2021, 9:54 PM IST
Raj Kundra Viral Video : কপিল শৰ্মাই যেতিয়া সুধিছিল ৰাজ কুন্দ্ৰাক-একো নকৰাকৈ কেনেকৈ ইমান টকা ইনকাম কৰে কেনেকৈ? চাওক ভিডিঅ'
গ্ৰেপ্তাৰৰ পিছৰ পৰাই ছচিয়েল মিডিয়াত ট্ৰোল হৈ আছে ৰাজ কুন্দ্ৰা। ইয়াৰ মাজতে এটা পুৰণি ভিডিঅ' ভাইৰেল হৈছে ৰাজ কুন্দ্ৰাৰ।

গ্ৰেপ্তাৰৰ পিছৰ পৰাই ছচিয়েল মিডিয়াত ট্ৰোল হৈ আছে ৰাজ কুন্দ্ৰা। ইয়াৰ মাজতে এটা পুৰণি ভিডিঅ' ভাইৰেল হৈছে ৰাজ কুন্দ্ৰাৰ।

  • Share this:
পৰ্ণ ছবি নিৰ্মণ কৰি গ্ৰেপ্তাৰ হোৱাৰ পিছতে সমগ্ৰ দেশত চৰ্চিত হৈ পৰিছে অভিনেত্ৰী শিল্পা ছেট্টী (Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra)। গ্ৰেপ্তাৰৰ পিছৰ পৰাই ছচিয়েল মিডিয়াত ট্ৰোল হৈ আছে ৰাজ কুন্দ্ৰা। শিল্পা ছেট্টীৰ স্বামী হোৱাৰ সুবাদতেই পৰিচিত হৈ উঠিছিল ৰাজ কুন্দ্ৰা। কিন্তু নিজৰ ব্যৱসায়ৰ আঁৰত প্ৰকৃততে কি কৰে সেয়া সোমবাৰে গ্ৰেপ্তাৰৰ পিছত স্পষ্ট হৈ পৰিছে আৰু তাৰ পিছতে প্ৰচণ্ড ধিক্কাৰ-গঞ্জনাৰ সন্মুখীন হৈছে ৰাজ কুন্দ্ৰা। ইয়াৰ মাজতে এটা পুৰণি ভিডিঅ' ভাইৰেল হৈছে ৰাজ কুন্দ্ৰাৰ।

যদিও ব্যৱসায় কৰে বুলি কয়, ৰাজ কুন্দ্ৰাই প্ৰকৃততে কি কৰে সেইয়া সকলোৰে বাবে একপ্ৰকাৰ সাথৰ আছিল। এনে এক প্ৰশ্নই এবাৰ কপিল শৰ্মা (Kapil Sarma)ই সুধিছিল ৰাজ কুন্দ্ৰাক। জনপ্ৰিয় কমেডী শ্বো 'দি কপিল শৰ্মা শ্বো' (The Kapil Sarma Show)ত আলহী আহিছি ল ৰাজ কুন্দ্ৰা। লগত আছিল পত্নী শিল্পা ছেট্টী আৰু শমিতা ছেট্টী। সেই বিশেষ এপিছোডৰ এটা ক্লিপ এতিয়া দেশজুৰি ভাইৰেল পৰিছে। কাৰণ এই ভিডিঅ'টোত কপিল শৰ্মাই ৰাজ কুন্দ্ৰাক সুধিছিল তেওঁ আচলতে কৰে কি।

কপিল শৰ্মাই সুধিছিল, "আপোনাক কেতিয়াবা ফিল্ম ষ্টাৰৰ সৈতে ফুটবল খেলি থকা দেখা যায়, কেতিয়াবা যদি এখন ফ্লাইটত দেখা যায়, কেতিয়াবা নিউজত আপোনাক দেখা যায়, ঘূৰি-ফুৰি থকাই দেখা যায় আপোনাক। কেতিয়াবা দেখা যায় শিল্পাক শ্বপিম কৰাবলৈ নিচে; মহাশয়, আমাকো কওক যে একো কাম নকৰাকৈ আপুনি টকা উপৰ্জন কৰে কেনেকৈ?"




কপিলৰ এই কথা শুনি ৰাজ কুন্দ্ৰাৰ লগতে শিল্পা ছেট্টী আৰু শমিতা ছেট্টীয়েও জোৰ জোৰকৈ হাঁহিবলৈ ধৰে। পিছে এতিয়া এই ভিডঅ' ক্লিপটোৱেই টুইটাৰত ছেয়াৰ কৰি ৰাজ কুন্দ্ৰাক ট্ৰোল কৰি আছে ৰাইজে।
Published by: Manjumoni Borah
First published: July 20, 2021, 9:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি