Raj Kundra Case: অভিনেত্ৰী শিল্পা চেট্টীকো সোধা–পোছাৰ বাবে মাতিব পাৰে আৰক্ষীয়ে

News18 Assam | News18-Assam
Updated:July 21, 2021, 10:43 PM IST
Raj Kundra Case: অভিনেত্ৰী শিল্পা চেট্টীকো সোধা–পোছাৰ বাবে মাতিব পাৰে আৰক্ষীয়ে
ৰাজ কুন্দ্ৰাই এই ব্যৱসায়টো বলীউডৰ দৰে ডাঙৰ আকাৰ প্ৰদানৰ চিন্তা কৰিছিল

ৰাজ কুন্দ্ৰাই এই ব্যৱসায়টো বলীউডৰ দৰে ডাঙৰ আকাৰ প্ৰদানৰ চিন্তা কৰিছিল

  • Share this:

মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ গোচৰটোৰ (Raj Kundra Case) দ্ৰুতগতিত তদন্ত কৰি আছে আৰু এতিয়ালৈকে গোচৰটো সংক্ৰান্তত ১১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, আৰক্ষীয়ে এতিয়া বলীউডৰ অভিনেত্ৰী তথা ৰাজ কুন্দ্ৰাৰ পত্নী শিল্পা চেট্টীকো এই গোচৰত সোধা-পোছাৰ বাবে মাতিব পাৰে বুলি খবৰ পোৱা গৈছে।


বাতৰি অনুসৰি, শিল্পা চেট্টীকো সোধা-পোছা কৰা প্ৰসংগত তদন্তৰত বিষয়াসকলে কৈছে যে প্ৰয়োজন হ'লে বা তদন্তত এনে ধৰণৰ কিছুমান তথ্য আহিলে শিল্পা চেট্টীকো সোধা-পোছাৰ বাবে মাতি অনা হ'ব পাৰে।


উল্লেখ্য, ৰাজ কুন্দ্ৰাৰ বিভিন্ন ব্যৱসায়ৰ অংশীদাৰ ৰূপে পত্নী শিল্পাৰ নামো আছে, গতিকে তেওঁক অভিযুক্ত ৰূপে নহ'লেও ৰাজক লৈ তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে বিচাৰিব পাৰে।



ইফালে, পৰ্নগ্ৰাফী গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰাক আদালতে ২৩ জুলাইলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। প্ৰতিবেদন অনুসৰি, মুম্বাই আৰক্ষীৰ ওচৰত কিছুমান এনে প্ৰমাণ আছে যিয়ে সূচায় যে ৰাজে 'লাইভ ছেক্সুৱেল এক্ট'ক ভৱিষ্যত ৰূপে বিবেচনা কৰি আছিল। ৰাজ কুন্দ্ৰাই এই ব্যৱসায়টো বলীউডৰ দৰে ডাঙৰ আকাৰ প্ৰদানৰ চিন্তা কৰিছিল।

Published by: Gautam Barman
First published: July 21, 2021, 10:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি