মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»শিল্পা ছেট্টী নহয় ! ৰাজ কুন্দ্ৰা আৰু পত্নী কবিতাৰ মাজলৈ আহিছিল আন এগৰাকী ব্যক্তিহে, ১৫ বছৰৰ পিছত মুখ খুলিলে ৰাজ কুন্দ্ৰাই।

শিল্পা ছেট্টী নহয় ! ৰাজ কুন্দ্ৰা আৰু পত্নী কবিতাৰ মাজলৈ আহিছিল আন এগৰাকী ব্যক্তিহে, ১৫ বছৰৰ পিছত মুখ খুলিলে ৰাজ কুন্দ্ৰাই।

News18 Assam | News18-Assam
Updated:June 12, 2021, 4:12 PM IST
শিল্পা ছেট্টী নহয় ! ৰাজ কুন্দ্ৰা আৰু পত্নী কবিতাৰ মাজলৈ আহিছিল আন এগৰাকী ব্যক্তিহে, ১৫ বছৰৰ পিছত মুখ খুলিলে ৰাজ কুন্দ্ৰাই।
কবিতা কুন্দ্ৰাৰ সৈতে বিবাহ বিচ্ছেদৰ ১৫ বছৰ পিছত সকলো ক'লে ৰাজ কুন্দ্ৰাই । শিল্পা কাৰণ নাছিল, কি হৈছিল ৰাজ-কবিতাৰ মাজত ।

কবিতা কুন্দ্ৰাৰ সৈতে বিবাহ বিচ্ছেদৰ ১৫ বছৰ পিছত সকলো ক'লে ৰাজ কুন্দ্ৰাই । শিল্পা কাৰণ নাছিল, কি হৈছিল ৰাজ-কবিতাৰ মাজত ।

  • Share this:
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ মাজৰ বিবাহে ১২ বছৰ অতিক্ৰম কৰিলে । শিল্পাৰ সৈতে ৰাজৰ এয়া দ্বিতীয় বিবাহ হোৱাৰ বাবে আজিও ৰাজৰ পূৰ্বৰ বিবাহৰ বাতৰিয়ে চৰ্চা লাভ কৰে । ২০০৬ চনতেই পূৰ্বৰ পত্নী কবিতাৰ সৈতে ৰাজৰ বিবাহ বিচ্ছেদ হৈছিল আৰু এই বিবাহ বিচ্ছেদৰ আঁৰত শিল্পা ছেট্টীয়েই আছিল বুলি প্ৰায়েই চৰ্চা হোৱা দেখা যায় । জীৱনত আগবাঢ়িলেও সময়ে সময়ে শিৰোনাম দখল কৰা এনে বাতৰিয়ে অশান্তি দিয়ে ৰাজ কুন্দ্ৰাকো । যাৰ বাবে বিবাহ বিচ্ছেদৰ ১৫ বছৰৰ পিছত কবিতা সম্পৰ্কত নিৰৱতা ভংগ কৰি ৰাজ কুন্দ্ৰাই ক'লে সকলো কথা । বিবাহ বিচ্ছেদক লৈ সকলো কথা কৈ ৰাজে স্পষ্ট কৰি দিয়ে যে ইয়াৰ কাৰণ শিল্পা ছেট্টী কেতিয়াও নাছিল।

দৰাচলতে শিল্পা ছেট্টীৰ জন্মদিনত ভাইৰেল হোৱা থ্ৰোবেক ষ্টৰী কিছুমান দেখি বিচলিত হৈছিল ৰাজ কুন্দ্ৰা । ইয়াৰ পিছতেই তেওঁ টাইমছ অফ ইণ্ডিয়াৰ সৈতে এটা সাক্ষাৎকাৰ দিয়ে, য'ত তেওঁ কবিতা কুন্দ্ৰাৰ সৈতে তেওঁৰ প্ৰথম বিবাহ আৰু বিবাহ বিচ্ছেদৰ কাৰণ ব্যাখ্যা কৰে । এই বিষয়ত বহু বছৰৰ নীৰৱতাৰ পিছত তেওঁ এতিয়া উপলব্ধি কৰিছিল যে তেওঁৰ প্ৰাক্তন পত্নী কবিতা কুন্দ্ৰাই শিল্পাক সংবাদ মাধ্যমত বদনাম কৰি আছে। সেয়েহে তেওঁ এই বিষয়টোৰ ওপৰত নীৰৱতা ভংগ কৰাৰ সিদ্ধান্ত লয় ।

ৰাজৰ ভনীয়েকৰ স্বামীৰ সৈতে আছিল কবিতাৰ সম্পৰ্ক -

ৰাজে কয় যে সত্যৰ বিৰুদ্ধে কোনেও প্ৰতিশোধ ল'ব নোৱাৰে, বিশেষকৈ তেতিয়া য'ত বহু পৰিয়াল জড়িত হৈ থাকে । ৰাজে কয় যে কবিতা তেওঁৰ ভগ্নীৰ স্বামীৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল । তেওঁৰ মাতৃয়ে কবিতা আৰু ভগ্নীৰ স্বামীক আপত্তিজনক অৱস্থাত কেইবাবাৰো ধৰা পেলাইছিল । ইয়াত দুটা পৰিয়াল শেষ হৈ গৈছিল। এয়া কৰোঁতে তেওঁলোকে কেতিয়াও কোনো কথা ভৱা নাছিল !

ৰাজ কুন্দ্ৰাই লগতে কয় যে শিল্পাই ইমান বছৰৰ এই নীৰৱতা ভংগ কৰাটো কেতিয়াও বিচৰা নাছিল । কিন্তু পুৰণি কথাবোৰ ভাইৰেল হ'বলৈ ধৰাত এই সিদ্ধান্ত ললোঁ ।

কন্যাক লগ কৰাৰ হেঁপাহ -

বিবাহ বিচ্ছেদৰ পিছত ৰাজ কুন্দ্ৰাই তেওঁৰ প্ৰাক্তন পত্নী আৰু তেওঁৰ জীয়েকক লগ পাইছিল নেকি সোধাত তেওঁ কয় এনেদৰে-বিবাহ বিচ্ছেদৰ পিছত মই কেতিয়াও কবিতাৰ সৈতে কথা পতা নাছিলোঁ বা মই বিচৰা নাই। মই মোৰ ছোৱালীজনীক তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ জৰিয়তে লগ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মই লগ পাব পৰা নাছিলোঁ বা তেওঁলোকে মোক পোনপটীয়া উত্তৰ দিয়া নাছিল। মই জানোঁ যে এদিন মোৰ ছোৱালীয়ে নিশ্চিতভাৱে মোক চাবলৈ আহিব । প্ৰথম ৪০ দিনৰ বাবেহে মই ছোৱালীজনীক দেখিছিলোঁ আৰু তাৰ পিছত মই শিল্পাক বিয়া কৰাই ভাৰতলৈ আহিছিলোঁ। কবিতাই বিচৰা নাছিল মই লগ কৰাটো ।

তেওঁ দুটা পৰিয়াল ধ্বংস কৰিছিল -

ৰাজ কুন্দ্ৰাই কয় - আজি মই এটা সুখী জীৱন যাপন কৰি আছো, কিন্তু কবিতাৰ সৈতে মই আটাইতকৈ বেয়া পৰ্যায়টো দেখিছোঁ । সম্পৰ্কটো বিষাক্ত হৈ পৰিছিল সেয়েহে আগবাঢ়িব লগা হৈছিল। মোৰ ভনীৰ স্বামীৰ সৈতে লগ হৈ তেওঁ মোক ভাল প্ৰতাৰণা কৰিলে । একেলগে দুটা পৰিয়াল ধ্বংস কৰি দিছিল ।

(https://hindi.news18.com/news/entertainment/bollywood-raj-kundra-breaks-his-silence-on-divorce-with-first-wife-kavita-kundra-and-clarifies-shilpa-shetty-was-not-the-reason-ss-3618826.htm)
Published by: Manjumoni Borah
First published: June 12, 2021, 4:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি