শ্বাহৰুখ আৰু গৌৰীৰ পুত্ৰ আৰিয়ানৰ প্ৰশংসাত গদগদ বিগ বছ খ্যাত ৰাহুল বৈদ্য, কিন্তু কিয়? ভাইৰেল ভিডিও

এক ভিডিওত ৰাহুল বৈদ্যই শ্বাহৰুখ খান আৰু গৌৰী খানক আৰিয়ানৰ দৰে এটি সন্তান জন্ম দিয়াৰ বাবে প্ৰশংসাৰে ওপচাই তোলে। ৰাহুলে এটা ক্লাবৰ এক ঘটনা মনত পেলাইছিল, য'ত তেওঁ শ্বাহৰুখ পুত্ৰ আৰিয়ানক লগ পাইছিল।
এক ভিডিওত ৰাহুল বৈদ্যই শ্বাহৰুখ খান আৰু গৌৰী খানক আৰিয়ানৰ দৰে এটি সন্তান জন্ম দিয়াৰ বাবে প্ৰশংসাৰে ওপচাই তোলে। ৰাহুলে এটা ক্লাবৰ এক ঘটনা মনত পেলাইছিল, য'ত তেওঁ শ্বাহৰুখ পুত্ৰ আৰিয়ানক লগ পাইছিল।
- News18 Assam
- Last Updated: March 22, 2021, 3:28 PM IST
ভিডিও ক্লিপটোত ৰাহুলে আৰিয়ানক এটা ক্লাবত লগ পোৱাৰ কথা মনত পেলাইছিল, য'ত আৰিয়ানে তেওঁৰ এগৰাকী বন্ধুক জন্মদিনত শুভেচ্ছা জনাবলৈ আহিছিল । কিন্তু কোনো অজ্ঞাত কাৰণত নিৰাপত্তাৰক্ষীসকলে আৰিয়ানক ক্লাবৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল । ৰাহুলে ভিডিওটোত কৈছে যে, আৰিয়ানে সেইসময়ত ধৈৰ্য্যসহকাৰে অপেক্ষা কৰিছিল আৰু ক্লাৱৰ ভিতৰত প্ৰৱেশ কৰিবলৈ শ্বাহৰুখৰ পুত্ৰ হোৱাক লৈ নিজকে মদগৰ্বী হিচাপে তুলি ধৰা নাছিল। ৰাহুলে লগতে কৈছিল, সেই সময়ত আৰিয়ানৰ মনোভাৱ দেখি তেওঁ আচৰিত হোৱাৰ লগতে মন চুই গৈছিল হৈছিল । ইয়াৰ পাচতে ৰাহুলে আনকি আৰিয়ানৰ দৰে এটা সন্তান প্ৰতিপালন কৰাৰ বাবে শ্বাহৰুখ খান আৰু গৌৰী খানক অভিনন্দনো জনাইছিল ।
ইফালে যিহেতু প্ৰেমিকা দিশা পাৰমাৰৰ সৈতে ৰাহুলৰ বিবাহক লৈ অনুৰাগীসকলে যথেষ্ট অপেক্ষা কৰি আছে । কিয়নো বিগ বচ ১৪ৰ সময়তেই ৰাহুলে দিশাক তেওঁৰ জন্মদিনত বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু তাৰ পাচৰ দিনটোতেই দিশাই অনুষ্ঠানটোত প্ৰৱেশ কৰিছিল আৰু ৰাহুলৰ সৈতে বিবাহত সন্মতি জনাইছিল। সেইদিনাও আকৌ এবাৰ ৰাষ্ট্ৰীয় টেলিভিচন আঁঠু কাঢ়ি দিশাক বিবাহৰ প্ৰস্তাৱ দিছিল ৰাহুলে।