সংগীতৰ ৰিয়েলিটী শ্ব’ত হৰুৱাইছিল অৰিজিত সিঙক, কামৰ অভাৱত বহি থাকিবলগীয়া হৈছে এইজন গায়ক

কাজী টকীৰৰ পিতৃয়ে কয় যে গুৰুকুলত বিজয়ী হোৱাৰ পিছতে এখন ছবিৰ অফাৰ পাইছিল। ছবিখনৰ নাম আছিল টেক অফ। কিন্তু আজিলৈ মুক্তিলাভ নকৰিলে ছবিখনে।

News18-Assam
Updated:July 24, 2019, 8:54 AM IST
সংগীতৰ ৰিয়েলিটী শ্ব’ত হৰুৱাইছিল অৰিজিত সিঙক, কামৰ অভাৱত বহি থাকিবলগীয়া হৈছে এইজন গায়ক
কাজী টকীৰৰ পিতৃয়ে কয় যে গুৰুকুলত বিজয়ী হোৱাৰ পিছতে এখন ছবিৰ অফাৰ পাইছিল। ছবিখনৰ নাম আছিল টেক অফ। কিন্তু আজিলৈ মুক্তিলাভ নকৰিলে ছবিখনে।
News18-Assam
Updated: July 24, 2019, 8:54 AM IST
টিভি ৰিয়েলিটী শ্ব’ গুৰুকুল ফেম অৰিজিত সিং বৰ্তমান বলীউদৰ এজন শীৰ্ষস্থানৰ গায়ক। কিন্তু এই ৰিয়েলিটী শ্ব’ৰ বিজেতা কাজী টকীৰে আজিও নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ অপেক্ষাত আছে। ছনী এণ্টাৰটেইনমেণ্ট টেলিভিছনত সম্প্ৰচাৰিত হোৱা এই ৰিয়েলিটী শ্ব’ত কাজী টকীৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান কাজীৰ হাতত নাই কোনো বিশেষ কাম।

কাজী টকীৰৰ কেৰিয়াৰক লৈ তেওঁৰ পিতৃয়ে কয় – মোৰ পুত্ৰৰ কেৰিয়াৰক লৈ কোনো চিন্তা নাই। তেওঁ যেতিয়া হঠাৎ ষ্টাৰ হৈ পৰিছিল তেতিয়াও মই অত্যন্ত উৎসাহিত নাছিলো। তেওঁ নিজৰ দিশত আগবাঢ়ি আছে। এদিন নিশ্চয় লক্ষ্যস্থানত উপনীত হ’ব।

কাজী টকীৰৰ পিতৃয়ে কয় যে গুৰুকুলত বিজয়ী হোৱাৰ পিছতে এখন ছবিৰ অফাৰ পাইছিল। ছবিখনৰ নাম আছিল টেক অফ। কিন্তু আজিলৈ মুক্তিলাভ নকৰিলে ছবিখনে।

২০১৫ চনত ইউটিউবত দেখা যায় কাজী টকীৰক। ইউটিউবত কেইবাটাও গান গাইছিল তেওঁ। তাৰ পিছত গাইছিল আফগান জেলেবী। ফেণ্টম ছবিৰ এই গানটোত কাজী টকীৰক কেটৰিনা কাঈফৰ সৈতে নচা দেখা গৈছিল। কাজী টকীৰৰ খুৰাক জম্মু কাশ্মীৰৰ এগৰাকী পৰিচিত গায়ক। পিতৃও সংগীতৰ সৈতে জড়িত। মুম্বাইৰ আন্ধেৰীত বাস কৰে কাজী টকীৰে।

কাজী টকীৰক গুৰুকুল ৰিয়েলিটী শ্ব’ত বিচাৰকৰ পছন্দ নাছিল যদিও জনতাৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। যাৰ ফলত এলিমিনেশ্যন ৰাউণ্ডত অৰিজিত সিঙক হৰুৱাইছিল কাজীয়ে। কিন্তু এতিয়া অৰিজিত সিঙে এক সুন্দৰ কেৰিয়াৰ গঢ়াৰ বিপৰীতে কাজী টকীৰে কেৰিয়াৰৰ বাবে কৰিবলগীয়া হৈছে সংগ্ৰাম।

আৰু চাওক পৰৱৰ্তী বাতৰি