• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Childhood Pics : ছবিখনত থকা কণমানি ছোৱালীজনীক চিনি পাইছেনে? ভায়েকক অলপতে জন্ম দিনৰ শুভেচ্ছা জনাইছে তেওঁ। বৰ্তমান বিশ্বতে জনপ্ৰিয় এইগৰাকী কণমানি।

Childhood Pics : ছবিখনত থকা কণমানি ছোৱালীজনীক চিনি পাইছেনে? ভায়েকক অলপতে জন্ম দিনৰ শুভেচ্ছা জনাইছে তেওঁ। বৰ্তমান বিশ্বতে জনপ্ৰিয় এইগৰাকী কণমানি।

১২ জুলাইত ভাতৃ সিদ্ধাৰ্থক জন্মদিনৰ শুভেচ্ছা জনাবলৈ শৈশৱৰ এই মৰমলগা ফটোখন শ্বেয়াৰ কৰিছিল বায়েকে।

১২ জুলাইত ভাতৃ সিদ্ধাৰ্থক জন্মদিনৰ শুভেচ্ছা জনাবলৈ শৈশৱৰ এই মৰমলগা ফটোখন শ্বেয়াৰ কৰিছিল বায়েকে।

১২ জুলাইত ভাতৃ সিদ্ধাৰ্থক জন্মদিনৰ শুভেচ্ছা জনাবলৈ শৈশৱৰ এই মৰমলগা ফটোখন শ্বেয়াৰ কৰিছিল বায়েকে।

  • Share this:
সাগৰৰ পানীত ভায়েকৰ সৈতে খেলি থকা এই কণমানি ছোৱালী জনী এতিয়া এগৰাকী বিখ্যাত তাৰকা। ভাৰততে নহয় বিশ্বত আছে তেওঁৰ কদৰ। অলপতে শৈশৱৰ এই ফটোখন শ্বেয়াৰ কৰিছে তাৰকাগৰাকীয়ে। এই ফটোখন শ্বেয়াৰ কৰি ভায়েকক জন্মদিনৰ শুভেচ্ছা যাঁচিছে তাৰকাগৰাকীয়ে। ছচিয়েল মিডিয়াত অতি সক্ৰিয় এই তাৰকাগৰাকীক শৈশৱৰ এই ফটোখনত চিনি পাইছেনে আপুনি? তেওঁৰ ভায়েকৰ নাম সিদ্ধাৰ্থ চোপ্ৰা। ১২ জুলাইত ভাতৃ সিদ্ধাৰ্থক জন্মদিনৰ শুভেচ্ছা জনাবলৈ শৈশৱৰ এই মৰমলগা ফটোখন শ্বেয়াৰ কৰিছিল বায়েকে। তেওঁ আন কোনো নহয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)।

বলীউডৰ পৰা হলীউডলৈ যাৰ অবাধ গতি সেই প্ৰিয়ংকাৰ শৈশৱৰ ফটো এইখন। ভাতৃৰ জন্মদিনত এই বিশেষ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰাৰ লগতে ভায়েকলৈ শুভেচ্ছা বাণীও লিখি পঠিয়ালে প্ৰিয়ংকাই। ফটোখনত দেখা গৈছে কণমানি প্ৰিয়ংকা আৰু সিদ্ধাৰ্থই সাগৰৰ পানীত প্ৰাণভৰি খেলিছে।

উল্লেখযোগ্য যে ৩৮ বছৰীয়া প্ৰিয়ংকা চোপ্ৰা এতিয়া হলীউডত ব্যস্ত। স্বামী নিক জোনাছৰ সৈতে আমেৰিকাত আনন্দৰে জীৱন কটাইছে প্ৰিয়ংকাই। ভায়েকলৈ ওপজা দিনৰ ওলগ যাচি প্ৰিয়ংকাই লিখিছে, "মোৰ সকলোতকৈ মৰমৰ ছিড, জন্মদিনৰ শুভেচ্ছা। আমাৰ মৰম যাঁচিলোঁ, নিক আৰু বাইদেউ।"

ইনষ্টাগ্ৰামতো সিদ্ধাৰ্থক শুভেচ্ছা জনাই পোষ্ট দিছে প্ৰিয়ংকাই। অলপতে সমাপ্ত হোৱা উইম্বল্ডন প্ৰতিযোগিতাৰ ফাইনেল খেলসমুহ চাবলৈ গৈও লণ্ডনৰ পৰা প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিছিল ধুনীয়া ধুনীয়া ফটো । অচিৰেই হলীউডৰ ছবি মেট্ৰিক্স-4 (Matrix-4)ত দেখা যাব অভিনেত্ৰীগৰাকীক।
Published by:Manjumoni Borah
First published: