ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ মন প্ৰিয়ংকা চোপ্ৰাৰ, নিক জোনাছক চাব বিচাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ৰূপত!

প্ৰিয়ংকাৰ মতে, নিকে কথা ক’বলৈ ভয় নকৰে। সেই কথাৰ বিৱৰণ দি প্ৰিয়ংকাই কেতিয়াৰ পৰা আমেৰিকান গায়কজনৰ সৈতে ডেটিং আৰম্ভ কৰিছিল সেই কথাও প্ৰকাশ কৰে।

news18assam
Updated:June 3, 2019, 12:41 PM IST
ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ মন প্ৰিয়ংকা চোপ্ৰাৰ, নিক জোনাছক চাব বিচাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ৰূপত!
প্ৰিয়ংকাৰ মতে, নিকে কথা ক’বলৈ ভয় নকৰে। সেই কথাৰ বিৱৰণ দি প্ৰিয়ংকাই কেতিয়াৰ পৰা আমেৰিকান গায়কজনৰ সৈতে ডেটিং আৰম্ভ কৰিছিল সেই কথাও প্ৰকাশ কৰে।
news18assam
Updated: June 3, 2019, 12:41 PM IST
মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা যদিও ৰাজনীতিৰ সৈতে জড়িত নহয়, তথাপি যিকোনো ইতিবাচক পৰিৱৰ্তনৰ বাবে নিশ্চিতভাৱে যিকোনো কাম কৰাৰ সৎসাহস আছে। সেয়া লাগিলে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বই হওক। বিশ্ব সুন্দৰীৰ খিতাপ দখল কৰাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে আত্মবিশ্বাসেৰে জয় কৰিছে বিশ্ব। একেই আত্মবিশ্বাসেৰে ছানডে টাইমছক দিয়া এক সাক্ষাৎকাৰত প্ৰিয়ংকাই কৈছে – মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বলৈ ভাল পাম আৰু নিক জোনাছক আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে চাব বিচাৰো। মই ৰাজনীতিৰ সৈতে জড়িত বস্তুবোৰ ভাল নাপাও, কিন্তু মই জানো যে আমি দুয়ো প্ৰকৃততেই পৰিৱৰ্তন বিচাৰো।’

প্ৰিয়ংকাৰ মতে, নিকে কথা ক’বলৈ ভয় নকৰে। সেই কথাৰ বিৱৰণ দি প্ৰিয়ংকাই কেতিয়াৰ পৰা আমেৰিকান গায়কজনৰ সৈতে ডেটিং আৰম্ভ কৰিছিল সেই কথাও প্ৰকাশ কৰে। প্ৰিয়ংকাই কয় – ‘সেয়া মোৰ বাবে এক ডাঙৰ মুহূৰ্ত আছিল যেতিয়া মই বন্ধুবৰ্গৰ সৈতে এখন নাৱত আছিলো আৰু লক্ষ্য কৰিছিল যে এই ল’ৰাজন আনতকৈ পৃথক। এক অনুষ্ঠানত মই কৈছিলো, যদি মোক কোনোবাই বাদ দিয়াৰ এটা কাৰণ দেখুৱাব পাৰে, মই দিম।’ তেওঁ মোক কাষলৈ মাতি কৈছিল, ‘শুনা, তুমি মোক বাদ দিবলৈ কৈছা, কিন্তু মই নোৱাৰো। তুমি যিটো স্থানত আছা আৰু কষ্ট কৰিব লাগিব। মই বন্ধুবৰ্গক ডিনাৰলৈ মাতিম আৰু তোমাৰ অপেক্ষা কৰিম। যেতিয়া তোমাৰ কাম শেষ হয়, আমাৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আহিবা।’ প্ৰিয়ংকাই কয় – মই নাভাবো যে নিকতকৈ মই কেতিয়াবা মোক লৈ ইমান আত্মবিশ্বাসী লোক পাইছো।
আৰু চাওক পৰৱৰ্তী বাতৰি